Weather Data Source: wetter Bangalore 14 tage

July 9, 2025 11:43 pm

Home » বিভিন্ন » অনার্স-বাল্টা » গণশিল্পী গৱেষক ড০ কৃষ্ণকান্ত সন্দিকৈলৈ ২০২০ চনৰ বকুলবন বঁটা

গণশিল্পী গৱেষক ড০ কৃষ্ণকান্ত সন্দিকৈলৈ ২০২০ চনৰ বকুলবন বঁটা

গুৱাহাটী : দিহানাম, বিহুনাম, নাম-কীর্তন, গায়ন-বায়ন, ভাওনা, মৃদঙৰ তাল-মান-লয়েৰে লালিত পালিত হৈ ওপজা মাটিৰ সুৰ আৰু ৰস-ৰূপেৰে সমৃদ্ধ জাঁজী তামুলীছিগাৰ জামুগুৰিৰ চাপৰি চুক গাঁৱৰ সন্তান, বিশিষ্ট গণশিল্পী, গৱেষক ড০ কৃষ্ণকান্ত সন্দিকৈলৈ ২০২০ চনৰ ‘বকুলবন বঁটা’ আগবঢ়োৱা হৈছে৷ মাঘ বিহুৰ উৰুকাৰ প্রাক৲সন্ধ্যা এই বঁটা ঘোষণা কৰাৰ পৰম্পৰাৰে আজি যোৰহাটত ‘বকুলবন ন্যাস, অসম’ৰ সভাপতি সমীৰণ বৰদলৈয়ে জনাই যে ‘বহে ব্রহ্মাণ্ডক ভেদি’ আৰু ‘শৰতৰ পূর্ণিমা জোনাক ৰাতি’ শীর্ষক দুখন গ্রন্থৰে ২০০ ৰো অধিক দিহানামৰ স্রষ্টা, ‘জাঁজীপৰীয়া বিহু দল’ৰে বিহুৰ ঐতিহ্য আৰু পৰম্পৰাৰ উৎকৃষ্ট ধাৰক আৰু বাহকৰ ভূমিকা নিষ্ঠাৰে পালন কৰা, দেশ আৰু বিদেশত অসমৰ লোক কৃষ্টিক প্রচাৰ আৰু প্রসাৰ কৰোঁতা গণশিল্পী ড০ কৃষ্ণকান্ত সন্দিকৈক বিগত প্রায় ৬টা দশকৰ লোক-কৃষ্টি কর্ষণ সেৱাৰ বাবে বকুলবন ন্যাসে এই বঁটা আগবঢ়াই ন্যাস নিজেই ধন্য হৈছে৷
লোক-কৃষ্টি আৰু দুজনা গুৰু শংকৰ-মাধৱৰ কৃষ্টি-সংস্কৃতিৰ প্রচাৰ- প্রসাৰৰ লগতে গৱেষণামূলক দৃষ্টিভংগীৰে আৰু ভৱিষ্যতৰ প্রতি সজাগ সৃষ্টিৰে এইসমূহৰ সংৰক্ষণ আৰু সংবর্ধনৰ বাবে অহোপুৰুষার্থ কৰা এইগৰাকী বৰেণ্য গৱেষক লোকশিল্পী পৰিয়ালটোৰ সাংস্কৃতিক পোতনেৰে সমৃদ্ধ হোৱাৰ লগতে জ্যেষ্ঠ ভাতৃ গণশিল্পী ক’লামণি সন্দিকৈৰো আশীর্বাদ আৰু সান্নিধ্যৰে ধন্য৷ বঁটাৰ সবিশেষ সদৰী কৰি এক বিবৃতিযোগে ন্যাসৰ সভাপতি বৰদলৈ আৰু সম্পাদক ড০ সৌমিত্র পূজাৰীয়ে উল্লেখ কৰে যে ১৯৪৪ চনত জন্মগ্রহণ কৰা সন্দিকৈৰ পিতৃ প্রয়াত তোলন চন্দ্র সন্দিকৈ আৰু মাতৃ উলুপী সন্দিকৈৰ অভিভাৱকত্বত এনে এটি সুৰীয়া পৰিৱেশত শিল্পীৰ প্রাণে ঠন ধৰি উঠিছিল যে আজিও সেইখন ঘৰত নিজ বংশ-পৰিয়ালৰ সদস্যৰ মাজতেই গায়ন-বায়ন পূর্ণতাৰে সম্পূর্ণ কৰাটো পৰিয়ালটোৰ কঠোৰ সাংস্কৃতিক অনুশাসন পৰম্পৰা৷
উল্লেখযোগ্য যে ড০ সন্দিকৈ যোৰহাট জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ স্নাতক আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা সংস্কৃত বিষয়ত স্নাতকোত্তৰ৷ জাঁজী হেমনাথ শর্মা মহাবিদ্যালয়ৰ অৱসৰপ্রাপ্ত উপাধ্যক্ষ ড০ সন্দিকৈয়ে পি এইচ ডি ডিগ্রীৰ বাবে গৱেষণাৰ বিষয়বস্তু হিচাপে বাছি লৈছিল–‘ভাৰতীয় সাহিত্যত অপ্সৰাসকল’৷ দর্শনৰ গ্রন্থ ‘মধুবতা স্বতায়তে’ৰ স্রষ্টা ড০ সন্দিকৈৰ অনুবাদ গ্রন্থ ‘ৰাজ-তৰংগিণী’ সমাদৃত হোৱাৰ লগতে দর্শন, লোক-কৃষ্টি আৰু বৈষ্ণৱ দর্শন আৰু তত্ত্ব সম্বন্ধীয় শতাধিক প্রবন্ধই ভাষা-সাহিত্যৰ ভঁৰাল চহকী কৰিছে৷ ‘জাঁজীপৰীয়া বিহুদল’ৰ প্রতিষ্ঠাৰে ড০ সন্দিকৈ বিহুনামৰ লোক-ভাষা আৰু চহাসুৰক জনপ্রিয় কৰি তোলাৰ লগতে বিহুৰ ঐতিহ্য আৰু পৰম্পৰাৰ ধাৰক আৰু বাহক হৈ অৱদান আগবঢ়োৱাৰ লগতে অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈ বিস্তৃত বিহুতলী আৰু আজিৰ ইলেক৲ট্রনিক মঞ্চৰ ৪০ ৰো অধিক প্রতিযোগিতাত প্রথম স্থানেৰে সোণৰ পদক বুটলিবলৈ নিপুণ কৰি তুলিছে দলটোক৷
ভাওনাৰ সম্পূর্ণ কলা আয়ত্ত কৰা এইগৰাকী শিল্পীৰ প্রতিভাই দেশৰ সীমা নেওচি সুদূৰ থাইলেণ্ডলৈও প্রসাৰিত হৈছে৷ সংস্কৃতিলৈ প্লাৱন অনা এইগৰাকী গৱেষক গণশিল্পীলৈ মাজুলীৰ শ্রীশ্রী আউনীআটী সত্রয়ো স্বর্ণপদক আগবঢ়াইছে৷ ‘বকুল বনৰ কবি’ আনন্দ চন্দ্র বৰুৱাৰ জন্মদিন উপলক্ষে প্রতি বছৰে ২৭ জানুৱাৰীত উদ৲যাপিত ‘বকুলবন দিৱস’ত অসম সাহিত্য সভাৰ কেন্দ্রীয় কার্যালয়, চন্দ্রকান্ত সন্দিকৈ ভৱন প্রাংগণত অৱস্থিত দানবীৰ ৰাধাকান্ত সন্দিকৈ ভৱনত সভাৰ প্রাক্তন সভাপতিগৰাকীৰ পবিত্র সোঁৱৰণত আগবঢ়োৱা এই বঁটা প্রদান অনুষ্ঠানত কবিগৰাকীৰ অভিন্ন হূদয়স্বৰূপ ‘পাপৰি কবি গণেশ গগৈ’ আৰু কবি পত্নী বিদুষী মহিলা প্রমিলা বৰুৱাক শ্রদ্ধাসহকাৰে স্মৰণ কৰা হ’ব৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজ দিন

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসে আজ
নামজার সময়সূচী
রাশিফল
অঙ্কন