তামাৰহাট : তামাৰহাটত দীৰ্ঘদিন ধৰি চলা পশুধন চোৰৰ উপদ্ৰবত অতিষ্ট হৈ ৰাইজে এইবাৰ হাতে লোটে ধৰা পেলালে দুটাকৈ চোৰ৷ ধুবুৰী জিলাৰ পাগলাহাট আৰক্ষী চকীৰ অন্তৰ্গত কাচখানাত শুকুৰবাৰে নিশা চুৰি কৰি লৈ যোৱাৰ পথত হাচেন আলী আৰু নাঙলচান মদক নামৰ দুই চোৰক আটক কৰি উত্তম মধ্যম দি পাগলাহাট আৰক্ষীক গতাই দিয়ে। উল্লেখযোগ্য যে ভাটিপেটলা গাঁৱৰ নুৰজামান শেখৰ গোহালীৰ পৰা শুকুৰবাৰে নিশা চুৰি হৈছিল পশুধন। চুৰি হোৱা পশুধনৰ খবৰ পাই গৰাকীয়ে ঘটনাস্হলীত উপস্থিত হৈ পশুধনটো নিজৰ বুলি চিনাক্ত কৰি পাগলাহাট আৰক্ষীক চোৰৰ বিৰুদ্ধে এক এজাহাৰৰ দাখিল কৰে। আৰক্ষীয়ে ইতিমধ্যে অধিক তথ্য জনাৰ বাবে জেৰা অব্যাহত ৰাখিছে বুলি আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰিছে৷