Weather Data Source: wetter Bangalore 14 tage

July 9, 2025 3:11 pm

Home » আঞ্চলিক » সমস্যাৰে জৰ্জড়িত মধুপুৰ সত্ৰ :: সমাধান কৰিবলৈ সত্ৰ পৰিচালনা সমিতিৰ চৰকাৰলৈ আহ্বান

সমস্যাৰে জৰ্জড়িত মধুপুৰ সত্ৰ :: সমাধান কৰিবলৈ সত্ৰ পৰিচালনা সমিতিৰ চৰকাৰলৈ আহ্বান

বৰপেটাৰোড : মহাপুৰুষ শ্ৰীমন্তশঙ্কৰদেৱৰ বৈকুণ্ঠগামীৰ পবিত্ৰ ভূমি কোঁচবিহাৰৰ মধুপুৰত স্থাপিত মধুপুৰ সত্র সমিতিৰ দ্বাৰা যোৱা ১৭ জানুৱাৰীত বৰপেটাৰোডত এখনি সংবাদ মেল আয়োজন কৰা হয় ৷ উক্ত সংবাদমেলত মধুপুৰ সত্ৰ সমিতিৰ সভাপতি তথা সত্ৰাধিকাৰ জিতেন্দ্র প্রধানী , কার্যকৰী সভাপতি উদ্ধৱ চন্দ্র দাস , উপ – সভাপতি বনমালী পাঠক আৰু সাধাৰণ সম্পাদক তথা ৰাজ্যসভাৰ প্রাক্তন সাংসদ কুমাৰ দীপক দাসে সত্ৰখনে সন্মুখীন হােৱা কেইবাটাও জ্বলন্ত সমস্যাৰ বিষয়েও আলােকপাত কৰে।
চহৰখনৰ বৰপেটাৰােড ক্লাবত হােৱা সংবাদমেলত মধুপুৰ সত্ৰ সমিতিৰ সাধাৰণ সম্পাদক কুমাৰ দীপক দাসে কয় যে কামৰূপ আৰু কমতাপুৰৰ ঐতিহ্যৰে তাহানিৰে পৰা মহিমামণ্ডিত হৈ থকা বৃহত্তৰ অসমত সত্ৰ সংস্কৃতিয়ে প্রাধান্য পাই আহিছে। কিন্তু এটা সময়ত খণ্ডিত হৈ পৰা বৃহত্তৰ অসমৰ পৰা উত্তৰ বংগ বিচ্ছিন্ন হৈ পৰাৰ লগতে গুৰুজনাই বৈকুণ্ঠগামী হােৱা তাহানিৰ কোচবেহাৰৰ মধুপুৰ সত্ৰক কেন্দ্ৰ কৰিয়ে ১৯৬১-৬২ চনতে মধুপুৰ সত্ৰ সমিতিখন গঠন কৰা হৈছিল।
উক্ত থানখনে মধুপুৰ সত্ৰৰ লগতে উত্তৰ বংগত তথা তাৰ আশে – পাশে থকা সত্ৰ সংস্কৃতিৰ প্ৰসাৰৰ লগতে গুৰুজনাৰ আদৰ্শ – ধর্ম প্রচাৰকে মুখ্য ” কৰি লৈ বিগত সময়ছােৱাত কাম কৰি আহিছে যদিও সমিতিখনে মধুপুৰ সত্ৰক কেন্দ্ৰ কৰি দেখা পােৱা কিছুমান সমস্যাক লৈ এতিয়া উদ্বিগ্ন হৈ পৰিছে বুলি কুমাৰ দীপক দাসে মন্তব্য কৰে। তেওঁ উল্লেখ কৰে যে মধুপুৰ সত্ৰলৈ বিভিন্ন স্থানৰ পৰা ভক্ত সমাগম হয় যদিও সেই অনুপাতে বর্তমান তাত কোনাে অতিথিশালা নাই। অসম চৰকাৰৰ আর্থিক অনুদানেৰে শেহতীয়াকৈ সত্ৰখনত এটি সাংস্কৃতিক ভৱন , সত্ৰাধিকাৰৰ বাসভৱন নির্মিত হলেও সত্র সমিতিয়ে সত্ৰখনক লৈ ভৱিষ্যতে বহু অভিলাষী আঁচনি লৈ থৈছে। কিন্তু আর্থিক দিশত জুৰুলা হৈ পৰাৰ বাবে কোনাে আঁচনি কার্যকৰী কৰাতাে দূৰৰ কথা , সত্ৰখন পৰিচালনা কৰিবলৈয়ে ধনৰ অভাৱ ঘটে বুলি কুমাৰ দীপক দাসে মন্তব্য কৰে।
তেওঁ উল্লেখ কৰে যে মধুপুৰ সত্ৰখন পৰিচালনাৰ বাবে বছৰেকীয়া এটি আর্থিক অনুদান সত্ৰখনক প্ৰদানৰ বাবে সত্র সমিতিয়ে চৰকাৰক দাবী কৰি আহিছে যদিও সেয়া বর্তমানলৈ কার্যকৰী হােৱা নাই। সত্র সমিতিয়ে বিগত সময়ত দুই হেজাৰকৈ টকা আদায় দি আহিছে যদিও বর্তমান সময়ত সেই ধনৰাশিৰে বৈদ্যুতিক বিলকে আদায় দিব পৰা নাযায় বুলিও সংবাদমেলত কুমাৰ দীপক নি ৰ দাসে মন্তব্য ব্যক্ত কৰে।
আনহাতে সত্ৰৰ অধীনত পূর্বতে এটা বিশাল পুখুৰী আছিল আৰু সেই পুখুৰীৰ পৰা দুই লাখ পর্যন্ত আয় হৈছিল আৰু সেই আয় সত্ৰখন পৰিচালনাৰ বাবে মূল উৎস আছিল। কিন্তু শেহতীয়াকৈ সেই পুখুৰীটো পশ্চিমবংগ চৰকাৰে পঞ্চায়তক হস্তান্তৰ কৰাৰ ফলত সেই আয় হ্রাস পায় বুলি কুমাৰ দীপক দাসে প্রকাশ কৰে। এইক্ষেত্ৰত অসম চৰকাৰে অচিৰেই পশ্চিমবংগ চৰকাৰৰ সৈতে এটি আলােচনা কৰি বিষয়টোৰ সু – সমাধান কৰিব লাগে বুলি কুমাৰ দীপক দাসে অসম চৰকাৰক অনুৰােধ কৰে।
ইপিনে মধুপুৰ সত্ৰ সমিতিৰ অনুৰােধমৰ্মে ৰাজ্য চৰকাৰে ধুবুৰী জিলা প্রশাসন জৰিয়তে মধুপুৰ সত্ৰত এটি তিনিমহলীয়া অতিথিশালা নির্মাণৰ বাবে উদ্যোগ লৈছে যদিও জিলা প্রশাসনে নির্ধাৰণ কৰা সেই স্থান হৰিহৰ আতাৰ ভিঠাৰ সন্মুখতে হােৱাৰ বাবে সেই স্থানটো পৰিবৰ্তনৰ বাবে ধুবুৰী জিলা প্রশাসনে ব্যৱস্থা ল’ ব লাগে বুলি সত্র সমিতিয়ে অনুৰােধ ৰাখে। উল্লেখ্য, এই স্থানডােখৰ সত্ৰৰ সত্ৰাধিকাৰ লক্ষীকান্ত মহন্তই নির্ধাৰণ কৰা বুলি ক’লেও সভাতে মধুপুৰ সত্ৰৰ সত্ৰাধিকাৰ লক্ষীকান্ত মহন্তই শাৰীৰিক অসুস্থতাৰ বাবেই বিগত কিছু দিনত কিছু বিভ্রান্তিমূলক মন্তব্য কৰা বুলিও সংবাদমেলত উপস্থিত থকা সত্র সমিতিৰ বিষয়ববীয়া সকলে উল্লেখ কৰে।
সংবাদমেলত কুমাৰ দীপক দাসে কয় যে সত্ৰখনৰ সত্ৰাধিকাৰ মহন্তৰ দটাকৈ বৃক্ক বিকল হােৱা সুত্রে ৰাজ্য চৰকাৰৰ সহায়ৰ জৰিয়তে তেওঁৰ ডায়লেছিছ চলি আছে আৰু এনে সময়তে তেওঁৰ এই শাৰীৰিক অসুস্থতাৰ বাবে তেওঁৰ কিছু বিভ্রান্তিমূলক বক্তব্য প্রকাশ পােৱাৰ লগতে সেয়া একাংশ বাতৰি কাকতত সংবাদো প্রকাশ পাইছে। কিন্তু উক্ত সংবাদমেলত এই কথাৰাে স্পষ্টীকৰণ দাঙি ধৰি কুমাৰ দীপক দাসে কয় যে মধুপুৰ সত্ৰৰ লগতে সেই অঞ্চলৰ সত্ৰ সংস্কৃতি ৰক্ষা কৰাহে সত্র সমিতিৰ দায়িত্ব আৰু তাক তেওঁলােকে ৰাইজৰ স্বাৰ্থৰ হকে কৰি আছে। তেওঁ আনকি সত্ৰাধিকাৰ মহন্ত বাপে উল্লেখ কৰাৰ দৰে মধুপুৰ সত্ৰ সমিতিৰ কেইবাবছৰাে সাধাৰণ সভা অনুষ্ঠিত নােহােৱা কথাটো সত্য নহয় আৰ বিগত সময়ত সত্ৰাধিকাৰজনৰ উপস্থিতিতে সেই সভা মধুপুৰ সত্ৰতে অনুষ্ঠিত হৈছিল বুলি কয়। একেদৰে অসম চৰকাৰে প্রস্তুত কৰা বৈষ্ণৱ চার্কিটৰ অধীনত মধুপুৰ সত্ৰ সাঙোৰ খাই পৰা হেতু এইবেলিও অসম চৰকাৰৰ পর্যটন বিভাগৰ সহযােগত মধুপুৰ মহােৎসৱ দুদিনীয়াকৈ অনুষ্ঠিত হৈছিল আৰু সেই অনুষ্ঠানলৈ সত্ৰাধিকাৰকো আমন্ত্রণ কৰা হৈছিল যদিও তেওঁ শাৰীৰিক অসুস্থতাৰ বাবেহে সেই উৎসৱত থাকিব পৰা নাছিল বুলি কুমাৰ দীপক দাসে কয়।
ইপিনে সত্র সমিতিৰ সভাপতি সত্ৰাধিকাৰ জিতেন্দ্র প্রধানীয়ে সত্ৰৰ মাটিত থকা পুখুৰীটোৰ লগতে পশ্চিমবংগ চৰকাৰে হৰিহৰ আতাৰ ভিঠিত থকা এডােখৰ মাটিত বিদ্যালয় স্থাপন কৰা বিষয়টোও অসম চৰকাৰে পশ্চিমবংগ। চৰকাৰৰ লগত আলােচনা কৰি মােকলাই দিয়াৰ লগতে মধুপুৰ সত্ৰৰ প্ৰৱেশদ্বাৰত এখনি তােৰণৰ ব্যৱস্থা কৰিব লাগে বুলি দাবী তােলে। তেওঁ আনকি নির্মীয়মাণ তিনিমহলীয়া অতিথিশালাৰ নির্মাণ সমিতিত সত্র সমিতিৰ তিনিজন সদস্য নির্মাণ সমিতিৰ সদস্য কৰি ৰখা আৰু নিৰ্ধাৰিত স্থানডােখৰ সলনি কৰাৰ বাবেও ধুবুৰী জিলা প্রশাসনক অনুৰােধ জনায়।
ইপিনে সংবাদমেলত উপস্থিত থকা সত্র সমিতিৰ উপ-সভাপতি বনমালী পাঠকে মধুপুৰ সত্ৰত এটা গ্রন্থাগাৰ স্থাপন কৰাত অসম চৰকাৰে উদ্যোগ লব লাগে বুলি কোৱাৰ লগতে উত্তৰ বংগৰ ৰাজাবাৰী আৰু সাহিত্য ভৱনত গুৰুজনাৰ যিসমূহ পুঁথি আছে সেয়া এঠাইত সংৰক্ষণৰ বাবে অসম চৰকাৰে পশ্চিমবংগ চৰকাৰৰ লগত আলােচনা কৰিব লাগে আৰু পশ্চিমবংগ চৰকাৰে দখললৈ নিয়া সত্ৰৰ পুখুৰীটো মােকলােৱাৰ ব্যৱস্থা কৰাৰ লগতে সত্ৰখনৰ অন্য কেইবাটাও সমস্যাক লৈ দুয়াে ৰাজ্যৰ চৰকাৰে যৌথ আলােচনা কৰিলে সেই সমস্যা অচিৰেই সমাধান হ’ব বুলিও তেওঁ উল্লেখ কৰে।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজ দিন

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসে আজ
নামজার সময়সূচী
রাশিফল
অঙ্কন