Weather Data Source: wetter Bangalore 14 tage

July 9, 2025 3:58 pm

Home » আঞ্চলিক » হিমন্ত বিশ্ব শর্মা কেনে প্রকাৰৰ মানুহ, কোনে নাজানে : তৰুণ গগৈ

হিমন্ত বিশ্ব শর্মা কেনে প্রকাৰৰ মানুহ, কোনে নাজানে : তৰুণ গগৈ

গুৱাহাটী : অসম চুক্তিৰ ভিত্তি বর্ষক কেন্দ্র কৰি নতুন বিতর্কৰ সূচনা কৰা বিত্ত মন্ত্রী হিমন্ত বিশ্ব শর্মাক আজি তথ্য-পাতিৰে উভতি ধৰিছে প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈয়ে৷ উল্লেখযোগ্য যে অসম চুক্তিৰ ভিত্তি বর্ষ ১৯৭১ নহয়, ভিত্তি বর্ষ ১৯৬৭ হে বুলি বিত্ত মন্ত্রীয়ে বিধানসভাৰ বিশেষ অধিৱেশনত উল্লেখ কৰিছিল৷ বিত্ত মন্ত্রীৰ বক্তব্যৰ বাবে কালি তেওঁক সদৌ অসম ছাত্র সন্থাই উভতি ধৰাৰ পাছত আজি প্রাক্তন মুখ্যমন্ত্রীজনেও মিছলীয়া আখ্যা দিছে৷ 
প্রাক্তন মুখ্যমন্ত্রী গগৈয়ে আজি চৰকাৰী বাসভৱনত অনুষ্ঠিত কৰা এখন সংবাদমেলত কয় যে হিমন্ত বিশ্ব শর্মা কেনে প্রকাৰৰ মানুহ, কোনে নাজানে,
২০১৩ চনত উচচতম ন্যায়ালয়ত হিমন্ত বিশ্ব শর্মাই এন আৰ চি প্রস্তুতৰ ভিত্তি বর্ষ অসম চুক্তি অনুসৰি ১৯৭১ চনৰ ২৫ মার্চ হ’ব লাগে বুলি শপতনামা দিছিল৷ কা-বিৰোধী আন্দোলনক বিপথে পৰিচালিত কৰি বিভ্রান্তিৰ সৃষ্টি কৰিবলৈকে ভিত্তি বর্ষৰ কথা ভুলকৈ প্রচাৰ কৰিছে৷ অসম বিধানসভাত বিধায়ক বিনন্দ কুমাৰ শইকীয়াৰ এটা প্রশ্নৰ উত্তৰত অসম চুক্তি ৰূপায়ণ তথা মুখ্যমন্ত্রীৰ হৈ পৰিবহণ মন্ত্রী চন্দ্রমোহন পাটোৱাৰীয়ে দিয়া তথ্য-পাতি সংবাদমেলত দাঙি ধৰি কয় যে অসম চুক্তিৰ ভিত্তি বর্ষ যদি ১৯৭১ নহয়, তেন্তে সেইমতে চৰকাৰে বিদেশী চিনাক্তকৰণৰ ব্যৱস্থা কিয় কৰিছে?

অসম চুক্তিৰ ৫.১ দফাৰ পৰা ৫.৯ দফালৈ ৰূপায়ণৰ বাবে ১-১-১৯৬৬ আৰু ২৪-৩-১৯৭১ চনক ভিত্তি বর্ষ ধৰি বিদেশী ন্যায়াধিকৰণ আইন-১৯৪৬ আৰু বিদেশী ন্যায়াধিকৰণ নির্দেশ ১৯৬৪ মতে তদন্ত প্রক্রিয়া চলাই থকাৰ কথা অসম চুক্তি ৰূপায়ণ তথা মুখ্যমন্ত্রীৰ হৈ পৰিবহণ মন্ত্রীয়ে উল্লেখ কৰিছে৷ অসম চুক্তিৰ ভিত্তি বর্ষ যদি ১৯৭১ চন নহয়, তেন্তে ভিত্তি অনুসৰি চৰকাৰে বিদেশী চিনাক্তকৰণ প্রক্রিয়া কিয় চলাই আছে বুলি প্রশ্ন কৰে প্রাক্তন মুখ্যমন্ত্রীজনে৷

তেওঁ কয় যে সেই ভিত্তি বর্ষ অনুসৰি বিদেশী ন্যায়াধিকৰণসমূহলৈ গোচৰ কিয় প্রেৰণ কৰা হৈছে?তেওঁ আৰু কয় যে এই ভিত্তি বর্ষক লৈয়ে এন আৰ চি হৈছে৷ ইফালে সর্বানন্দ সোণোৱাল মন্ত্রীসভা সম্প্রসাৰণৰ প্রসংগত গগৈয়ে কয় যে সিদ্ধার্থ ভট্টাচার্যই বিজেপিত হিমন্তক এডমিশ্যন দিছিল, এতিয়া তেওঁৰ পৰা শিক্ষা বিভাগ কাঢ়ি লৈ গ’ল৷ হিমন্ত বিশ্বৰ সমান ইংৰাজী জনা, জ্ঞান বেছি ডক্টৰেট কোনো নাই বুলি উল্লেখ কৰি গগৈয়ে কয় যে য’তে ক্ষমতা থাকে তালৈকে হিমন্ত যাব পাৰে৷ বাচিবলৈ হিতেশ্বৰ শইকীয়াৰ পৰা তেওঁৰ ওচৰলৈ আহিছিল বুলি মন্তব্য কৰে৷ মুখ্যমন্ত্রী সোণোৱাল, বৰা, ভট্টাচার্য কালৈকো ভয় নকৰাজনে নৰেন্দ্র মোদী আৰু অমিত শ্বাহকহে ভয় কৰে, অৱশ্যে সেই ভয়ো খন্তেকীয়া বুলি উল্লেখ কৰে গগৈয়ে৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজ দিন

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসে আজ
নামজার সময়সূচী
রাশিফল
অঙ্কন