Weather Data Source: wetter Bangalore 14 tage

July 10, 2025 12:34 am

Home » আঞ্চলিক » শ্রীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনৰ ব্যাপক প্রস্তুতি : মুছলমানৰ দান-বৰঙনি

শ্রীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনৰ ব্যাপক প্রস্তুতি : মুছলমানৰ দান-বৰঙনি

গুৱাহাটী : অহা ৫ ফেব্রুৱাৰীৰ পৰা চাৰিদিনীয়া বর্ণাঢ্য কার্যসূচীৰে মহুৰা দিহিঙীয়া পথাৰৰ বিশ্ব ঐতিহ্য কাজিৰঙা সমন্বয় ক্ষেত্রত অনুষ্ঠিত হ’ব লগা শ্রীমন্ত শংকৰদেৱ সংঘৰ ৮৯সংখ্যক বার্ষিক অধিৱেশনৰ দিন চমু চাপি অহাৰ লগে লগে অধিৱেশনৰ সকলো দিশৰ প্রস্তুতি সম্পূর্ণ কৰিবলৈ আদৰণী সমিতি, সংঘৰ জিলা সমিতি, ৩৫খন উপ-সমিতি, সেৱা বাহিনী , সমন্বয়ক সকলো উঠিপৰি লাগিছে৷ এটা মিচিং জনগোষ্ঠীৰ চাং ঘৰৰ আর্হিত নির্মাণ কৰা প্রতিনিধি শিবিৰৰ লগতে প্রতিটো ১৫০ ফুট দৈর্ঘযৰ আৰু ১৮ ফুট প্রস্থৰ ২১৫টা প্রতিনিধি শিবিৰ নির্মাণৰ কাম সম্পূর্ণ হোৱাৰ পথত৷ অধিৱেশনথলীত সাতখলপাৰ ৩৫ ফুট ওখকৈ পদ্মাসন আকৃতিত পতাকা বেদীৰ নির্মাণৰ কাম দ্রুতগতিত চলি আছে ৷ চাৰি লাখ টকা ব্যয়ত নির্মাণ কৰা পতাকা বেদীৰ নির্মাতা হ’ল মিছামৰাৰ ডুবিয়াল গাঁৱৰ গোপাল বৰা (কলামণি) ৷ ৩৭ নং ৰাষ্ট্রীয় ঘাইপথৰ ডিভাইডাৰত ২০ভাগ ঘোষা আৰু ভক্তি ৰত্নাৱলীৰ বাণী লিখাৰ ব্যৱস্থা কৰিছে৷ শিল্পী মোহিনী ৰাজকুমাৰী পথৰ পশ্চিমে বহিঃবাণিজ্য বিভাগৰ বিপণী নির্মাণৰ কাম চলি আছে ৷ বহিঃবাণিজ্য বিভাগত ৫৮খন গ্রন্থ বিপণীৰ সৈতে ৫৫০খন বিপণী থাকিব ৷
ইফালে, লাখ লাখ ভকত-বৈষ্ণৱক, আই মাতৃ, যুৱক-যুৱতীক অপ্যায়ন কৰিবৰ কাৰণে ৪০০ ফুট দৈর্ঘযৰ আৰু ৩০০ ফুট প্রস্থৰ ১২০০০০ বর্গ ফুটৰ এটা বৃহৎ ভোজনালয় নির্মাণৰ কাম চলি আছে৷ এই ভোজনালয়টোত একেলগে দহ হাজাৰ লোকে খাদ্য গ্রহণ কৰিব পাৰিব৷ ভোজনালয়টোত ২৫০০যোৰ ডেস্ক-বেঞ্চ স্থাপন কৰিছে৷ ইপিনে ৩০০টা চৌকাত ৬০০ ৰান্ধনিয়ে নিশা ২ বজাৰ পৰা দিনৰ ১০ বজালৈকে কোনো অসুবিধা নোপোৱাকৈ ৪০০ ফুট দৈর্ঘযৰ আৰু ১৫০ ফুট প্রস্থৰ মুঠ ৬০০০০ বর্গ ফুটৰ ৰন্ধনশালাৰ নির্মাণ শেষ হোৱাৰ পথত৷
আদৰণী সমিতিয়ে কাজিৰঙা ৰাষ্ট্রীয় উদ্যানলৈ অহা বিদেশী পর্যটকে অধিৱেশন চাবলৈ আহিলে তেওঁলোকক থাকিবৰ কাৰণে পৃথক প্রতিনিধি শিবিৰ নির্মাণ কৰিছে৷ মুক্তি যুদ্ধা বেণুৰাম বৰুৱা সোঁৱৰণী মূল মঞ্চত ২০০ অতিথি বহিব পৰাকৈ ১৫০ ফুট দীঘল আৰু ১২০ ফুট বহল মুঠ ৭২০০ বর্গ ফুটৰ মঞ্চ নির্মাণ কৰিছে ৷ বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সোঁৱৰণী মূল মণ্ডপটো ৪০০ ফুট দীঘল আৰু ১৫০ ফুট বহলকৈ ১০ হাজাৰ লোকে ভাষণ শুনিব পৰাকৈ নির্মাণ কৰিছে৷
অধিৱেশনথলীত অস্থায়ীভাৱে নির্মাণ কৰা নামঘৰত যোৱা ১৯ জানুৱাৰীত কাজিৰঙাৰ বছাগাঁৱৰ শিল্পী তথা সংঘৰ একান্ত সংগী বিনোদ গগৈয়ে ৭ ফুট বহল আৰু ৭ খলপীয়াকৈ নির্মাণ কৰা গুৰু আসন প্রতিষ্ঠা কৰা হয়৷ নামঘৰত গুৰু আসন প্রতিষ্ঠাৰ দিনাৰ পৰাই নামঘৰত তিনি প্রসংগ চলি আছে৷ প্রতিদিনে নামঘৰত হৰিনামৰ ধবনি মুখৰিত হৈ আছে৷শ্রীমন্ত শংকৰদেৱ সংঘৰ প্রাণস্বৰূপ সেৱা বাহনীৰ দহ হাজাৰ সেৱক-সেৱিকা থাকিব পৰাকৈ ৪০০ ফুট দীঘল আৰু ৩০০ ফুট বহলৰ মুঠ ১২০০০০ বর্গ ফুটৰ এটা সেৱা বাহিনীৰ শিবিৰ নির্মাণ কৰা হৈছে৷ অধিৱেশনৰ প্রথম তিনি নিশাত ৬খন অংকীয়া নাট মঞ্চায়ন কৰিবৰ কাৰণে নাটঘৰ নির্মাণৰ কাম অব্যাহত আছে৷ অধিৱেশনৰ মূল তোৰণৰ কাম সম্পূর্ণ হ’বলৈ কিছু বাকী আছে৷ অধিৱেশনথলীলৈ যাব লগা মূল পথকে ধৰি আন আন উপপথবোৰ নির্মাণৰ কাম চলি আছে৷ অধিৱেশথলীত সৌন্দর্যবর্ধনৰ বাবে কাজিৰঙা ৰাষ্ট্রীয় উদ্যান কর্তৃপক্ষ আৰু অর্কিড উদ্যান কর্তৃপক্ষই অর্কিড ৰোপণৰ কাৰণে দিহা কৰিছে৷
মহাবীৰ আগৰৱালা কোম্পানীৰ শ্রমদান : বোকাখাতৰ বিশিষ্ট ব্যৱসায়ী মহাবীৰ আগৰৱালাৰ কোম্পানীয়ে ২৬ জানুৱাৰীত অধিৱেশনথলীত শ্রমদান কৰে৷ কোম্পানীটোৰ চাৰিখন ৰোলাৰ, দুখন জেচিবি, তিনিখন গ্রেডাৰে অধিৱেশনথলী সমান কৰা, উপপথ নির্মাণ কৰা আদি কাম কৰে৷ কোম্পানীটোৰ তিনিজন অভিযন্তাসহ ১৪০জন কর্মচাৰীয়ে শ্রমদান কার্যত সহযোগিতা কৰে৷ 
গোলাঘাট মুছলিম সমাজে আগবঢ়ালে ১ লাখ টকা, দিহিঙীয়া মহুৰা পথাৰৰ বিশ্ব ঐতিহ্য সমন্বয় ক্ষেত্রৰ পৰা কুমুদ বৰা ঃশ্রীমন্ত শংকৰদেৱ সংঘৰ ৮৯সংখ্যক অধিৱেশনলৈ মাজত মাত্র ৮ দিন বাকী৷ প্রতিটো ক্ষেত্রতে নিয়োজিত ব্যক্তিসকলে দিন-ৰাতি একাকাৰ কৰি কামত জড়িত হৈ পৰিছে৷ ঘৰৰ কাম- বন একাষৰীয়া কৰি অধিৱেশনৰ সফল ৰূপ দিবলৈ অঞ্চলটোৰ প্রতিটো কোণৰ পৰা পুৰুষ, জীয়ৰী, বোৱাৰী আহি উবুৰি খাই পৰিছে অধিৱেশনস্থলীত৷ পিছপৰি ৰৈ থকা নাই গোলাঘাটৰ মুছলিম সমাজো৷
অসমীয়া জাতিৰ সংস্কৃতি তথা অসমবাসীৰ জাতিৰ, জাতীয় ঐক্যৰ এক বিৰল দৃশ্য আজি দেখা গ’ল দিহিঙীয়া মহুৰা পথাৰৰ অধিৱেশনস্থলীত৷ শংকৰ আজানৰ ভূমিত অসমত হিন্দু-মুছলমানৰ মাজত যে কোনো ভেদ ভাব নাই তাৰ অপূর্ব নিদর্শন দাঙি ধৰিলে গোলাঘাটৰ মুছলিম সমাজে৷ গোলাঘাট মুছলিম সমাজে শ্রীমন্ত শংকৰদেৱ সংঘৰ এই অধিৱেশনলৈ এক লাখ টকা আগবঢ়োৱাৰ লগতে ভক্তপ্রাণ ৰাইজক আদৰিবলৈ বিভিন্ন কার্যসূচী হাতত লৈছে৷
আজি এই অধিৱেশনস্থলীত তিনিশৰো অধিক মুছলিম সমাজৰ পুৰুষ-মহিলাৰ লগতে ছাত্র সমাজে পথাৰৰ নৰা কাটিশ্রমদান কৰি এক বিৰল নিদর্শন দাঙি ধৰে৷ এই শ্রমদান কার্যসূচীত দেৰগাঁৱৰ আল-কাবা ফাউণ্ডেশ্বনৰ সম্পাদক চাদিকুল ইছলাম, মেৰাজ আলী, ৩ নং গেট মুছলিম সমাজৰ সভাপতি জিয়াউদ্দিন আহমেদ, মাদ্রাছাৰ সহকাৰী সম্পাদক ইছুফুদ্দিন আহমেদ, নাহৰনিৰ বিশিষ্ট সমাজ সেৱক দিলৱাৰ হুছেইন, সমাজসেৱক চামচুল ইছলাম, মহচিন আলী, অনাতাঁৰ শিল্পী তফজ্জুল আহমেদ, বোকাখাতৰ বিশিষ্ট সমাজকর্মী চৈয়দ আনিচুৰ ৰহমান, চাইদুল হুছেইন আদি ব্যক্তিয়ে অংশগ্রহণ কৰে৷
উল্লেখযোগ্য যে যি সময়ত ভাৰতবর্ষৰ বিভিন্ন ঠাইত ধর্মৰ নামত বিভেদ সৃষ্টি কৰি সাধাৰণ জনগণৰ মাজত এক বিভান্তি আনিব বিচাৰিছে, হিন্দু মুছলমানৰ নামত ৰাজনীতি আৰম্ভ হৈছে ঠিক সেই সময়ত শ্রীমন্ত শংকৰদেৱ শংঘৰ অধিৱেশনস্থলীয়ে বৃহৎ অসমীয়া জাতিক একাকাৰ কৰি ভাৰতবর্ষৰ সভ্যতাৰ পৰিচয় দিবলৈ সক্ষম হৈছে৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজ দিন

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসে আজ
নামজার সময়সূচী
রাশিফল
অঙ্কন