Weather Data Source: wetter Bangalore 14 tage

July 8, 2025 11:25 am

Home » আঞ্চলিক » অধ্যাপক অৰূপজ্যোতি শইকীয়াক নিয়াৰ জেৰা

অধ্যাপক অৰূপজ্যোতি শইকীয়াক নিয়াৰ জেৰা

গুৱাহাটী : বিৰোধী আন্দোলন তথা কৃষক মুক্তি সংগ্রাম সমিতিৰ নেতৃত্বক পৰামর্শ দিয়াৰ অভিযোগত নিয়াৰ তদন্তৰ আওতাত সোমাইছে আই আই টি গুৱাহাটীৰ অধ্যাপক অৰূপজ্যোতি শইকীয়া৷ অখিল গগৈসহ কৃষক মুক্তি সংগ্রাম সমিতিৰ পাঁচজন নেতাক নিয়াই গ্রেপ্তাৰ কৰাৰ পাছত সেইসকল নেতাই দিয়া স্বীকাৰোক্তিৰ ভিত্তিত নিয়াই আজি অধ্যাপক অৰূপজ্যোতি শইকীয়াক জেৰা কৰে৷ তদন্তকাৰী সংস্থাটোৱে সোণাপুৰত থকা কার্যালয়লৈ তলব কৰিছিল অধ্যাপক শইকীয়াক৷

নিয়াৰ তলব পাই তদন্তকাৰী সংস্থাটোৰ কার্যালয়ত হাজিৰ হৈছিল অধ্যাপক শইকীয়া৷ নিয়াৰ কার্যালয়ত উপস্থিত হোৱাৰ পাছত দীর্ঘসময় ধৰি জেৰা চলায় কেইবাজনীয়া বিষয়াৰ দলে৷ জেৰাৰ সময়ত বিভিন্ন প্রশ্ন কৰে অধ্যাপক শইকীয়াক৷ কৃষক মুক্তি সংগ্রাম সমিতিৰ লগত তেওঁৰ কি সম্পর্ক, অখিল গগৈৰ লগত কেতিয়াৰ পৰা সম্পর্ক, কৃষক মুক্তি সংগ্রাম সমিতিক কেনেধৰণৰ পৰামর্শ আগবঢায়, শেহতীয়া ‘কা’ বিৰোধী আন্দোলনত কি ভূমিকা লৈছিল সেই বিষয়ে বিভিন্ন প্রশ্ন কৰা বুলি জানিব পৰা গৈছে৷
উল্লেখযোগ্য যে ‘কা’ বিৰোধী আন্দোলনত উচটনি দিয়াকে ধৰি কৃষক মুক্তি সংগ্রাম সমিতিক বিভিন্ন পৰামর্শ আদি দি অহাৰ অভিযোগত নিয়াই অধ্যাপক শইকীয়াক তলব কৰিছিল৷ আজি জেৰা সম্পূর্ণ নোহোৱাত অধ্যাপক শইকীয়াক পুনৰ তলব কৰা বুলিও জানিব পৰা গৈছে৷ অৱশ্যে তদন্তৰ খাতিৰত তদন্তকাৰী সংস্থাটোৱে বহু কথাই গোপনে ৰাখিছে৷ নিয়াৰ এক সূত্রই জানিবলৈ দিয়া অনুসৰি মাওবাদীৰ সৈতে কৃষক মুক্তি সংগ্রাম সমিতিৰ একাংশ নেতাৰ কিছু সম্পর্ক আছিল বাবেও কৃষক মুক্তিৰ লগত সম্পর্ক থকা ব্যক্তিৰ বিৰুদ্ধে তদন্ত কৰাৰ প্রয়োজন হৈছে৷ কিন্তু নিয়াৰ এই তদন্ত কিমান সফল হয় সেয়া এতিয়াও স্পষ্ট হোৱা নাই৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজ দিন

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসে আজ
নামজার সময়সূচী
রাশিফল
অঙ্কন