Weather Data Source: wetter Bangalore 14 tage

July 20, 2025 7:11 pm

Home » বিভিন্ন » ধর্ম-নিরাময়ের » টোল বন্ধ : শিক্ষা মন্ত্রীৰ ঘোষণাত মাজুলীৰ সত্রসমূহত ক্ষোভৰ উদগিৰণ

টোল বন্ধ : শিক্ষা মন্ত্রীৰ ঘোষণাত মাজুলীৰ সত্রসমূহত ক্ষোভৰ উদগিৰণ

এখন-দুখন নহয়, অসমৰ সত্রসমূহৰ প্রাণকেন্দ্র স্বৰূপ মাজুলীৰ সকলো সত্রৰ অধিকাৰ, ডেকা অধিকাৰ আৰু ভকত সকলোৱে মন্ত্রী হিমন্ত বিশ্ব শর্মাই সংস্কৃত টোল বন্ধ কৰা হ’ব বুলি কৰা ঘোষণাত ক্ষুব্ধ হৈ উঠিছে৷ এনে অদূৰদর্শী তথা হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে প্রতিবাদী কার্যসূচী হাতত লোৱাৰো হুংকাৰ দিছে দুই-এখন সত্রই৷ ‘অসমীয়া ভাষাৰ মূল মাতৃগৰাকীয়েই হ’ল সংস্কৃত ভাষা, সেই ভাষাটোক অৱজ্ঞা কৰি নিজৰ মাতৃগৰাকীকেই অৱজ্ঞা কৰিছে মন্ত্রী হিমন্ত বিশ্ব শর্মাই৷’… সংস্কৃত টোল বন্ধ কৰি দিয়াৰ ঘোষণাৰ সন্দর্ভত সত্রৰ অধিকাৰ-ভকতসকলৰ প্রতিক্রিয়া মাজুলীৰ সত্রসমূহ ভ্রমণ কৰি সাক্ষাৎ গ্রহণ কৰিবলৈ যোৱা জ্যেষ্ঠ সাংবাদিক শৰত চন্দ্র নেওগৰ আগত এই কথা ব্যক্ত কৰে শ্রীশ্রীআউনীআটী সত্রৰ ডেকা অধিকাৰ দেৱানন্দ দেৱগোস্বামীয়ে৷ সত্রাধিকাৰগৰাকীৰ অনুপস্থিতিত ডেকা সত্রাধিকাৰগৰাকীয়ে একে আষাৰে কয় যে সংস্কৃত টোল ধর্মীয় শিক্ষানুষ্ঠান নহয়, ভাষা-ব্যাকৰণৰহে শিক্ষানুষ্ঠান৷ এই কথা এজন শিক্ষা মন্ত্রী হৈ নজনাটো দুর্ভাগ্যজনক৷

 গড়মূৰ সত্রৰ অধিকাৰ পৰমানন্দ দেৱগোস্বামীয়েও মন্ত্রীৰ এনে সিদ্ধান্ত আমি মানি ল’ব নোৱাৰোঁ বুলি কোৱাৰ সময়তে সত্রৰ আন এজন ভকত ৰবীন শর্মাই অতি ক্ষোভেৰে বাণীবদ্ধ ৰূপত প্রকাশ কৰি ক’লে– সংস্কৃত ভাষা হ’ল দেৱভাষা৷ অসমীয়া ভাষাৰো মূল গুৰি ভাষা৷ সেই ভাষাক অপমান কৰাৰ অধিকাৰ মন্ত্রী হিমন্ত বিশ্ব শর্মাক কোনে দিলে? সংস্কৃত টোল তেওঁৰ জন্মৰ আগৰ, তেনে টোল চৰকাৰৰ কোনো সিদ্ধান্ত নোহোৱাকৈ কেবিনেটে সিদ্ধান্ত নোলোৱাকৈ তেওঁ কেনেকৈ ক’ব পাৰিলে? আমি ইয়াৰ তীব্র বিৰোধিতা কৰিছোঁ৷’

উল্লেখযোগ্য যে সকলোবোৰ সত্রত সংস্কৃত টোল নাই যদিও পূর্বে সাক্ষাৎ গ্রহণ কৰা কালত আউনীআটী সত্রৰ ডেকা অধিকাৰগৰাকীয়ে তেওঁৰ সত্রত থকা টোলখন দেখুৱাই কৈছিল যে তেওঁৰ সত্রখন এতিয়াও নিয়মীয়াকৈ চলি আছে, ৪জন শিক্ষকে শিক্ষার্থীসকলক নিয়মীয়াকৈ পাঠদান কৰি আছে৷ এইখন টোলক আৰু উন্নত কৰি তোলাটোতহে গুৰুত্ব দিব লাগিছিল৷ তাৰ সলনি বন্ধ কৰি দিবলৈ ঘোষণা কৰাটোহে দুর্ভাগ্যজনক৷ মাজুলীৰ আন এখন উল্লেখযোগ্য সত্র হ’ল চামগুৰি সত্র– যাক সকলোৱে মুখা সত্র বুলিও ক’ব খোজে৷ সেইখন সত্রৰ ডেকা অধিকাৰ তিলক গোস্বামীক লগ ধৰি এই বিষয়ত প্রতিক্রিয়া জানিব বিচৰাত ক’লে যে বর্তমান সংস্কৃত ভাষাটো অধিক উন্নত কৰাৰ কথা কৈ ওলোটাই নিম্ন খাপৰ এই টোলবিলাকো বন্ধ কৰি দিয়াৰ সিদ্ধান্ত এটা হঠকাৰী সিদ্ধান্ত৷ আমি দাবী জনাওঁ যে মন্ত্রী হিমন্ত বিশ্ব শর্মাই কৰা এই ঘোষণা অচিৰেই প্রত্যাহাৰ কৰিব লাগে৷ প্রসংগক্রমে তেওঁ এই কথাও অতি ক্ষোভেৰে কয় যে ২০১৮ চনৰ গণতন্ত্র দিৱসত দিল্লীত এই সত্রৰ পৰা অসমক প্রতিনিধিত্ব কৰি মুখাশিল্প প্রদর্শন কৰি দ্বিতীয় পুৰস্কাৰ লাভ কৰিছিল৷ কিন্তু আমি আচৰিত হ’লোঁ যে সেই পুৰস্কাৰটোও আমাক অসম চৰকাৰে নিদিলে, নিজে ৰাখি থৈ দিলে৷ এইখন চৰকাৰৰ পৰা আৰু কি ভাল কামৰ আশা কৰিম? তাৰ পাছত নতুন কমলাবাৰী সত্রলৈ গৈও একে প্রতিক্রিয়া পোৱা গ’ল৷ সেইখন সত্রৰ আনহে নালাগে ভকতসকলেই গর্জি উঠিল মন্ত্রী হিমন্ত বিশ্ব শর্মাৰ বিৰুদ্ধে৷ ‘আমি মন্ত্রীজনৰ এনে সিদ্ধান্তৰ তীব্র বিৰোধিতা কৰিছোঁ৷’– সকলোৱে একেমুখে প্রতিবাদ কৰি ক’লে৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজ দিন

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসে আজ
নামজার সময়সূচী
রাশিফল
অঙ্কন