গুৱাহাটী : দুমাহ ধৰি কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ থকা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈৰ স্বাস্থ্যৰ অৱনতি ঘটিছে। বৃহস্পতিবাৰে অখিল গগৈক অনা হয় গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত। কাৰাগাৰত দুটা মাহ ধৰি কষ্ট পোৱাৰ বাবে বিষৰ সমস্যাই জুৰুলা কৰিছে অখিল গগৈক।
চকু,হাড় আৰু প্ৰচণ্ড মূৰৰ বিষত ভুগিছে কৃষক নেতাজনে। স্বাস্থ্য সংক্ৰান্তীয় সকলো পৰীক্ষা কৰোৱা হয় জিএমচি এইচত। চকুৰ সমস্যাত ভোগাৰ বাবে চচমা লোৱাৰ বাবে পৰামৰ্শ আগবঢ়াইছে চিকিৎসকে।