Weather Data Source: wetter Bangalore 14 tage

July 9, 2025 2:56 pm

Home » আঞ্চলিক » দক্ষিণ শালমাৰা-মানকাচৰ জিলাগত চলিছে কোটিটকীয়া পাম্পছেট কেলেংকাৰী

দক্ষিণ শালমাৰা-মানকাচৰ জিলাগত চলিছে কোটিটকীয়া পাম্পছেট কেলেংকাৰী

প্ৰতিবেদন- ১
  • কোন এই মেনেজ মাষ্টাৰ?
  • কিমান সত্য আছিল সংবাদ মাধ্যমক সমালোচনা কৰি নিজকে ধোৱা তুলসীৰ পাত সজোৱা এই বিষয়াগৰাকী?
  • উচ্চ ন্যায়ালয়ত জামিন বিচাৰি দুবাৰকৈ মুখ থেকেচা খাই সম্প্ৰতি পলাতক হৈ ফুৰা দুখনকৈ জিলাৰ দায়িত্বত থকা কোন এই কাৰ্যবাহী অভিযন্তা ?

গুৱাহাটী : দক্ষিণ শালমাৰা মানকাচৰ জিলা কৃষি বিভাগত চলিছে কোটিটকীয়া পাম্পছেট কেলেংকাৰী৷ জিলাখনত কৃষি বিভাগত এনে ভয়ংকৰ দূৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হোৱাটো কোনো নতুন কথা নহয়। যোৱা বৰ্ষতো উত্থাপিত হৈছিল এনে বহু দূৰ্নীতিৰ অভিযোগ। অভিযোগ অনুসৰি এই বিয়াগোম কেলংকাৰীত খোদ জিলা কৃষি বিষয়া মোজাম্মিল হ’ক মেনেজ মাষ্টাৰ বুলি বৰ্তমান সৰ্বত্ৰে চৰ্চা চলিছে।
উল্লেখ্য যে, ২০১৮-১৯ বিত্তীয় বৰ্ষত বিষয়াগৰাকীৰ বিৰুদ্ধে অভিযোগ উঠিছিল ভূৱা কৃষকক কৃষি সামগ্ৰী আৰু বীজত বিতৰণৰ বহু তথ্য। সংবাদ মাধ্যমতো প্ৰকাশ পাইছিল ন ন অভিযোগ।
সেই মতে যোৱা বৰ্ষৰ ২৭ মে’ত নিজকে ধোৱা তুলসীৰ পাত সজাবলৈ হাটশিঙিমাৰীস্থিত কৃষি বিষয়াৰ কাৰ্যালয়ত জিলা কৃষি বিষয়া মোজাম্মিল হকে এক সংবাদমেল আয়োজন কৰি সাংবাদিকৰ আগত কৈছিল যে, সত্য নজনাকৈ একাংশ সাংবাদিকে দক্ষিণ শালমাৰা মানকাচৰ জিলা কৃষি বিভাগৰ দুৰ্নীতিৰ বাতৰি প্ৰকাশ কৰি জিলা কৃষি বিষয়া তথা অন্যান্য বিষয়া কৰ্মচাৰীক হেয় প্ৰতিপন্ন কৰিবলৈহে অপচেষ্টা চলাইছে৷
লক্ষণীয় যে, নিৰ্দিষ্ট কিছুমান আঁচনিৰ ক্ষেত্ৰত চৰকাৰে গঠন কৰি দিয়া একক সমিতি য’ত স্থানীয় বিধায়ক, পি আৰ আই আৰু জিলাখনৰ স্থানীয় সমাজকৰ্মীৰ পৰামৰ্শ মৰ্মেহে হিতাধিকাৰী বাচনি কৰি আবন্টিত কৃষি সামগ্ৰী আৰু বীজ বিতৰণ কৰা হয়।
ইয়াতেই প্ৰশ্ন উত্থাপন হয় একক সমিতিখনত যিহেতু স্থানীয় বিধায়ক তথা সমাজকৰ্মী জড়িত থাকে সেই ক্ষেত্ৰত একাংশ দালালৰূপী সমাজকৰ্মী তথা বিধায়কৰ অতি ঘনিষ্ঠবোৰেই কৃষি বিভাগটোত ৰাজ চলাইছে বুলি সততে অভিযোগ উত্থাপন হৈ আহিছে। এনে প্ৰেক্ষাপটত জিলা কৃষি বিষয়াগৰাকীক বহুতে মেনেজ মাষ্টাৰ বুলি আখ্যায়িত কৰাটো তেনেই স্বাভাবিক কথা।
পিছে এশ গৰু মাৰিলে যে বাঘৰো মৰণ সেয়া চাগে বিষয়াজনৰ মনতেই নাছিল। সংবাদ মেল পাতি নিজকে নিকা বুলি দাম্ভালি মৰা বিষয়াৰ বিভাগত পিছে এইবোৰ চলিছে কি?
উল্লেখ্য যে, দক্ষিণ শালমাৰা মানকাচৰ আৰু ধুবুৰী জিলা কৃষি বিভাগৰ কাৰ্যবাহী অভিযন্তা ৰেকিবুদ্দিন আহমেদৰ অধিনস্থ ধুবুৰীত অলপতে আৰক্ষীৰ এক অভিযানত আই.আৰ.ডি.এফ. আঁচনিৰ অধীনত ৭০% ৰেহাই মূল্যত কৃষকক যোগান ধৰা পাম্পছেট কেলেংকাৰীৰ অভিযোগত সহকাৰী কৃষি পৰিদৰ্শক শিৰাজুল হক আৰু তামাৰহাটৰ পলাশকান্দী গাঁৱৰ জাহাঙ্গীৰ আলমক গ্ৰেপ্তাৰ কৰে৷ তথ্য অনুসৰি তামাৰহাট থানাত ভাৰতীয় দণ্ড বিধি আইনৰ ১২০ বি/৪২০/৪৬৮/৪০৯ ধাৰাত ১১৩/২০ নম্বৰৰ এটা গোচৰৰ পঞ্জীয়ন কৰি আৰক্ষীয়ে এতিয়াও এই বিষয়ত তদন্ত অব্যাহত ৰাখিছে৷
আনহাতে বাতৰিত প্ৰকাশ পোৱা এটি তথ্য মতে, ভুৱা কৃষকৰ তালিকাৰে ঠিকাদাৰ আৰু অভিযন্তাই সৌৰশক্তি পাম্পৰ কেলেংকাৰী কৰা তথ্য প্ৰকাশ পোৱাত গৌৰীপুৰ আৰক্ষীৰ অভিযানত ঠিকাদাৰ মিজানুৰ ৰহমানক গ্ৰেপ্তাৰ কৰাৰ লগতে পিছৰ পৰ্যায়ত হানিফ আলি নামৰ আন এজন দালালক গ্ৰেপ্তাৰ কৰে । উক্ত ঠিকাদাৰৰূপী দালালদ্বয়ৰ বিৰুদ্বে গৌৰীপুৰ থানাত ২১৭/২০২০ নম্বৰত গোচৰ পঞ্জীয়ন হৈ আছে৷ জানিব পৰা মতে উক্ত গোচৰত অভিযুক্ত কাৰ্যবাহী অভিযন্তা ৰেকিবুদ্দিন আহমেদে জামিন বিচাৰি গুৱাহাটী উচ্চ ন্যায়ালয়ত দুবাৰকৈ মুখ থেকেচা খাই সম্প্ৰতি পলাতক অৱস্থা আছে৷
ধুবুৰী আৰক্ষী প্ৰশাসনে জালিয়াতিৰ অভিযোগত চক্ৰ উৎখাতৰ নামত মাত্ৰ ১৬ টাকৈ পাম্প ছেট ঠিকাদাৰৰ ঘৰত উদ্ধাৰ হোৱাত চক্ৰটোৰ সৈতে জড়িত থকা দুজনকৈ ব্যক্তি কৰায়ত্ব হয় । সেই ক্ষেত্ৰত দক্ষিণ শালমাৰা মানকাচৰ জিলা কৃষি বিভাগৰ পাম্পছেট ঠিকাদাৰ নালমিঞা মণ্ডল আৰু চৰ্দাৰ ইমতিয়াজ ওৰফে লাকীৰ ঘৰত বিভাগীয় শ’ত শ’ত পাম্পছেট মজুত থকাৰ পিছতো এই ক্ষেত্ৰত কিয় মৌন হৈ আছে আৰক্ষী-প্ৰশাসন? হিতাধিকাৰীৰ পৰা কোন কোন দালাল আৰু ঠিকাদাৰে কিমানকৈ ধন সংগ্ৰহ কৰিছে? জিলাখনত সচা অৰ্থত কিমান সফল ৰূপায়ন হৈছে কৃষি বিভাগৰ এই আঁচনি? কৃষি বিভাগৰ সঞ্চালক নতুবা মন্ত্ৰী অতুল বৰাই কি দিব ইয়াৰ উত্তৰ? পৰৱৰ্তী প্ৰতিবেদনত ফাদিল হ’ব দক্ষিণ শালমাৰা মানকাচৰ জিলা কৃষি বিভাগত চলি থকা দূৰ্নীতিৰ বহুত ন ন তথ্য।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজ দিন

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসে আজ
নামজার সময়সূচী
রাশিফল
অঙ্কন