Weather Data Source: wetter Bangalore 14 tage

July 19, 2025 1:58 pm

Home » আঞ্চলিক » আসাম » বাক্সাত তিনিজনকৈ লোকৰ বিৰুদ্ধে ডি ভোটাৰৰ জাননী

বাক্সাত তিনিজনকৈ লোকৰ বিৰুদ্ধে ডি ভোটাৰৰ জাননী

বৰপেটাৰোড : ডি ভোটাৰৰ নামত বিশেষকৈ সংখ্যালঘু লোকে নাগৰিকত্বৰ পৰিচয়ক লৈ চৰম সংকটত৷ ১৯৯৭ চনৰ পৰা ৰাজ্যখনত ডি ভোটাৰৰ নামত বিশেষকৈ একাংশ সংখ্যালঘু লোকে নানা হাৰাশাস্তিৰ সন্মূখীন হৈ আহিছে৷ এই ডি ভোটাৰক লৈ গৱেষণা চলাই যোৱাৰ সমান্তৰালকৈ নাগৰিকত্বৰ পৰিচয়ক লৈ চৰম সংকটত ভূগি থকা ডি ভোটাৰসকলক ন্যায় প্ৰদানৰ অৰ্থে আইনী সাহায্যকে ধৰি বিভিন্ন সহায় আগবঢ়াই আহিছে মানৱ অধিকাৰ কৰ্মী সাজাহান আলী আহমেদৰ নেতৃত্বত বৰপেটাৰোডৰ ডি ভোটাৰ গৱেষণা কেন্দ্ৰই৷
আমি খবৰ লাভ কৰিলো, বাক্সা জিলাৰ বিশপানী নামৰ গাঁৱখনত তিনিজনকৈ লোকৰ বিৰুদ্ধে বৰপেটা বিদেশী ন্যায়াধিকৰণে ডি ভোটাৰৰ জাননী প্ৰেৰণ কৰিছে৷ বৰপেটাৰোডৰ ডি ভোটাৰ গৱেষণা কেন্দ্ৰৰ মুখ্য সমন্বয়ক সাজাহান আলী আহমেদ আৰু শাকিল আহমেদৰ সহযোগত সত্যৰ অনুসন্ধানত সংবাদ প্ৰহৰী৷ অৱশেষত ভূক্তভোগী পৰিয়ালৰ বাসগৃহত উপস্থিত হৈ সমগ্ৰ ঘটনাৰ বুজ লোৱা হয়৷
১৯৬৫, ১৯৭১ চনৰ এন আৰ চিত নাম থকাৰ পিছতো এই তিনিওগৰাকী লোক আজি বিপদত৷ এই দেশৰে নাগৰিক হোৱাৰ পিছতো মাত্ৰ ভোটাৰ তালিকাত সামান্য নামৰ তাৰতম্যই কাল হ’ল এইসকল নাগৰিকৰ৷ বান আৰু খহনীয়াই সৰ্বস্ব শেষ কৰা তিনিওগৰাকী লোক এতিয়া বাক্সা জিলাৰ বিশপানী গাৱত কোনোমতে জীৱিকা নিৰ্বাহ কৰি আছে৷ দৰিদ্ৰতাৰ হেঙাৰে কোঙা কৰা এনে সৰ্বসাধাৰণ লোক নাগৰিকত্বৰ নামত আৰু কিমান দিন ৰাজনৈতিক মেৰপেচত আৱদ্ধ হৈ থাকিব?

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজ দিন

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসে আজ
নামজার সময়সূচী
রাশিফল
অঙ্কন