কোৰোণাত আক্ৰান্ত হৈ মৃত্যুক সাৱটিলে অসমৰ বিশিষ্ট অভিনেত্ৰী চেতনা দাসৰ স্বামী বিমল দাসে। যোৱা ২৭ আগষ্টত বিমল দাসৰ দেহত কোৰোণাৰ অৱস্থিতি ধৰা পৰিছিল। গুৱাহাটীৰ জি এন আৰ চি হাস্পতালত চিকিত্সাধীন অৱস্থাতে মৃত্যুক সাৱটিলে বিমল দাসে। প্ৰথম অৱস্থাত স্বাস্থ্য সুস্থিৰ আছিল যদিও, দেহত অক্সিজেনৰ পৰিমাণ ৫২ লৈ হ্ৰাস পোৱাত লগে লগে বিমল দাসক আই চি ইউত ভৰ্তি কৰা হৈছিল। কিন্তু বৃহস্পতিবাৰে অৱশেষত কোৰোণাই প্ৰাণ কাঢ়ি লৈ গ’ল বিমল দাসৰ। ভৃ-তাত্বিক জৰীপ বিভাগৰ প্ৰাক্তন বিষয়া আছিল বিমল দাস।