Weather Data Source: wetter Bangalore 14 tage

July 9, 2025 2:45 pm

Home » সম্পাদকীয় » আজকের চিন্তা » কৃষক আইনৰ বিৰুদ্ধে দেশজুৰি প্ৰতিবাদ : ২০১৯ বৰ্ষতে দেশত ৪২,৪৮০ জন কৃষকৰ আত্মহত্যা

কৃষক আইনৰ বিৰুদ্ধে দেশজুৰি প্ৰতিবাদ : ২০১৯ বৰ্ষতে দেশত ৪২,৪৮০ জন কৃষকৰ আত্মহত্যা

আশ্ৰাফুল ইছলাম : 
মোদী চৰকাৰে এটাৰ পাছত আনটোকৈ জনবিৰোধী নীতিৰে পুঁজিপতিৰ স্বাৰ্থত আইন প্ৰণয়ণ কৰি আহিছে৷ শেহতীয়াকৈ মোদী চৰকাৰে সংসদত তিনিখনকৈ কৃষক আইন গৃহীত কৰিলে৷
 

       

দেশৰ সমগ্ৰ প্ৰান্তৰ কৃষকসকলৰ তীব্ৰ প্ৰতিবাদৰ পাছতো চৰম স্বৈৰাতান্ত্ৰিকভাৱে কৃষক সকলৰ জীৱনলৈ অন্ধকাৰ নমাই আনি তিনিখনকৈ কৃষক বিৰোধী আইন ক্ৰমে, 
· The Farmers’ Produce Trade and Commerce (Promotion and Facilitation) Act, 2020 
· The Farmers’ (Empowerment and Protection) Agreement of Price Assurance and Farm Services Act, 2020 
· The Essential Commodities (Amendment) Act, 2020 
সংসদত গৃহীত কৰালে৷ দেখাত সুন্দৰ যেন লাগিলেও আইন কেইখনৰ ফলত কৃষক সকলৰ ক্ষেত্ৰত পৰিব লগা প্ৰভাৱ সমূহ এনেধৰণৰ— 
(১) যিকোনো ব্যক্তিয়ে যিকোনো স্থানত গৈ কৃষি সামগ্ৰী বিক্ৰী কৰিব পাৰিব। যাৰ ফলত দেশত কৃষি সামগ্ৰীৰ ছিণ্ডিকেট হ’ব আৰু উপযুক্ত মূল্যৰ পৰা কৃষকসকল বঞ্চিত হ’ব৷ 
(২) কৃষি উৎপাদিত সামগ্ৰীৰ নূন্যতম বজাৰ মূল্য নাথাকিব৷ যাৰ ফলত কৃষকসকলে কম দামত নিজৰ উৎপাদিত সামগ্ৰী বিক্ৰী কৰিবলগীয়া হ’ব৷ পুঁজিপতিসকলে কৃষকৰ পৰা কম মূল্যতে উৎপাদিত সামগ্ৰী ক্ৰয় কৰি অধিক দামত বিক্ৰী কৰিব৷ 
(৩) কৃষি খণ্ডসমূহ পুঁজিপতিৰ হাতত অৰ্পণ কৰাৰ চক্ৰান্ত। যাৰ ফলত কৃষি ব্যৱস্থাটো পুঁজিপতিৰ নিয়ন্ত্ৰণাধীন হ’ব৷ উৎপাদিত সামগ্ৰীৰ বজাৰখন সম্পূর্ণৰূপে পুঁজিপতিৰ হাতৰ মুঠিত থাকিব৷ 
(৪) কৃষি বিপনন পৰিষদসমূহ বন্ধ হ’ব, যাৰ ফলত যিয়ে যিমান ইচ্ছা সিমান টকাত ক্ৰয়-বিক্ৰয় হ’ব। পুঁজিপতি বেপাৰীসকলে ছিণ্ডিকেট চলোৱাৰ আশংকা বেছি থাকিব। 
(৫)Essential Commodities (Amendment) Act, 2020ৰ জৰিয়তে চাউল, দাইল, ঘেঁহু, আলু, পিয়াঁজ আদিক অত্যাৱশ্যকীয় সামগ্ৰী ৰূপে গণ্য কৰা নহ’ব। যাৰ ফলত ব্যৱসায়ীয়ে খাদ্য সামগ্ৰীসমূহৰ কৃত্ৰিম নাটনি সৃষ্টি কৰি অধিক দামত খাদ্যসামগ্রী বিক্ৰী কৰিবলৈ সুবিধা পাব। 
(৬) অত্যাৱশ্যকীয় সামগ্ৰীৰ তালিকাৰ পৰা বাদ দিয়াৰ ফলত খেতিয়কসকলে উক্ত কৃষিজাত সামগ্ৰীৰ উপযুক্ত মূল্যৰ পৰা বঞ্চিত হ’ব৷ অন্যহাতে ব্যৱসায়ীয়ে উক্ত খাদ্য সামগ্ৰী অধিক দামত গ্ৰাহকক বিক্ৰী কৰিব৷ 
পাঞ্জাৱ, হাৰিয়ানাৰ লগতে সমগ্ৰ ভাৰতৰ কৃষক সকলৰ প্ৰৱল প্ৰতিবাদকো আওকাণ কৰি মোদী চৰকাৰে কৃষক বিৰোধী এই আইন প্ৰণয়ন কৰিলে৷ উক্ত আইনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি প্ৰীতম সিং নামৰ এজন কৃষকে আত্মহত্যা কৰিলে৷ প্ৰশ্ন হয়, কোটি কোটি দেশবাসীৰ অন্নদাতা কৃষক সকলৰ জীৱনৰ মূল্য আছেনে? National Crime Records Bureau (NCRB) ৰ তথ্য অনুসৰি ২০১৯ বৰ্ষতে দেশত ৪২,৪৮০ জন কৃষকে আত্মহত্যা কৰিছে। মোদী চৰকাৰৰ শাসন কালতে আটাইতকৈ অধিক কৃষকৰ আত্মহত্যাৰ ঘটনা সংঘটিত হ’ল৷ তাৰ পাছতো চৰকাৰে কৃষকৰ সমস্যালৈ আওকাণ কৰি কেৱল পুঁজিপতিৰ স্বাৰ্থৰক্ষাৰ বাবে কৃষক সকলক মৃত্যুৰ মুখলৈ ঠেলি দিছে৷ এজন অভিনেতাৰ আত্মহত্যাৰ ঘটনাক লৈ টেলিভিজন তাল-ফাল কৰা, দিনে নিশাই বাতৰিৰ নামত হুলস্থুল কৰা সেইসকল তথাকথিত সাংবাদিক আৰু সংবাদগোষ্ঠী আজি কৃষকৰ আত্মহত্যা সম্পৰ্কে নিমাত৷ আজি সমগ্ৰ দেশৰ কৃষকসকলে নিজৰ অধিকাৰৰ বাবে সংগ্ৰাম কৰিছে৷ 

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজ দিন

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসে আজ
নামজার সময়সূচী
রাশিফল
অঙ্কন