Weather Data Source: wetter Bangalore 14 tage

July 19, 2025 1:55 pm

Home » আঞ্চলিক » আসাম » গৰুৰ চোৰাং সৰবৰাহত জড়িত গৰু মাষ্টৰ : পিছে কোন এই গৰু মাষ্টৰ ?

গৰুৰ চোৰাং সৰবৰাহত জড়িত গৰু মাষ্টৰ : পিছে কোন এই গৰু মাষ্টৰ ?


গুৱাহাটী : গোমাতা ৰক্ষাৰ নামত ইছলাম ধৰ্মক টাৰ্গেট কৰি সাম্প্ৰদায়িক বিষবাস্প ছটিয়াবলৈ উঠি পৰি লাগিছে বিজেপি দলৰ সত্যৰঞ্জন বৰাৰ পৰা আৰম্ভ কৰি একাংশ অতি উগ্ৰ তথাকথিত হিন্দুত্ববাদী নেতা৷ কিন্তু এই গো মাতাক লৈ খোদ বিজেপি চৰকাৰৰ আমোলতেই চলিছে ভয়ংকৰ ছিণ্ডিকেট৷ 
ভুৱা পাৰমিটেৰে গৰু চোৰাং সৰবৰাহ কৰাৰ বাবে চলি থকা ছিণ্ডিকেটত জড়িত আছে অসম, মেঘালয়, উত্তৰ প্ৰদেশ পশ্চিমবংশ বহু কুখ্যাত ব্যৱসায়ী৷ সমান্তৰালভাৱে শ্ৰীৰামপুৰ ছাগলীয়া চেকগেটত সক্ৰিয় হৈ থকা গৰুৰ দালাল চক্ৰৰ বিষটোও নতুন কথা নহয়৷ পিছে এইবাৰ আমি ক’ব বিচাৰিছো তেনে এগৰাকী কুখ্যাত গৰু মাষ্টৰৰ কথা। 
পিছে কোন এই গৰু মাষ্টৰ ? 
এইজন হ’ল মানকাছাৰ শিক্ষাখণ্ডৰ অন্তৰ্গত বুছাকাটা এল পি স্কুলৰ প্ৰধান শিক্ষক৷ কোনো কালেই স্কুলত ভৰি নিদিয়া ধুৰন্ধৰ শিক্ষকজনৰ বিৰুদ্ধে বিভিন্ন কু-কাৰ্যৰ বহু গোচৰ চলি আছে উচ্চ ন্যায়লয়ত৷ সম্পূৰ্ণ নাম- হজৰত আলী আহমেদ৷ পিছে এইজন হজৰত মাষ্টৰৰ প্ৰধান ব্যৱসায় হল গৰুৰ চোৰাং সৰবৰাহ কৰা৷ সেয়ে দক্ষিন শালমাৰা-মানকাচৰ জিলাবাসীৰ মাজত এইগৰাকী শিক্ষকৰূপী গৰু ব্যৱসায়ীগৰাকী গৰু মাষ্টাৰ হিচাপেই জনাজাত৷ 
উল্লেখযোগ্য যে যোৱা ১১ অক্টোবৰত ধুবুৰী আৰু হাতীগাঁও আৰক্ষীৰ অভিযানত গো মাফিয়া আদম আলীক গেপ্তাৰ কৰে৷ মানকাছাৰ জিলাৰ অন্তৰ্গত হাটশিঙিমাৰিস্থিত মেচাৰ্চ পাইওনিয়াৰ লাইভষ্টক নামৰ প্ৰতিষ্ঠানটোৰ জৰিয়তে হজৰত চোৰাং গৰু সৰবৰাহ অব্যাহত ৰাখিছে৷ প্ৰতিষ্ঠানটোৰ স্বত্বাধিকাৰি তেওঁৰেই পত্নী মেহেৰ বানু বেগম ৷ মেহেৰবানু বেগমৰ এই অনুজ্ঞা পত্ৰখন গৰুৰ চোৰাং ব্যৱসায়ীসকলক ভাড়ালৈ দি ইয়াৰ জৰিয়তে বহিঃৰাজ্যৰ পৰা অসমলৈ গৰু কঢ়িয়াই আনে আৰু তাৰ পিছত এনেবোৰ গৰু বাংলাদেশলৈ প্ৰেৰণ কৰি আহিছে৷ সম্প্ৰতি পশ্চিমবংগৰ সোনাপুৰৰ পৰাও ট্ৰাকে ট্ৰাকে গৰু-ম’হ ছাগলীয়া আৰু শ্ৰীৰামপুৰ হৈ অসমত প্ৰৱেশ কৰে৷শ্ৰীৰামপুৰ হৈ অহা গৰুৰ ট্ৰাক গোসাঁইগাওঁ, কচুগাওঁ মানিকপুৰ হৈ বঙাইগাঁওৰ ৰাখালডুবিলৈ আহে। ৰাখালডুবি হ’ল গৰু ব্যৱসায়ৰ অন্যতম গুৰুত্বপূৰ্ণ স্থান৷ বহু সময়ত শ্ৰীৰামপুৰ হৈ আহা গৰুৰ ট্ৰাক উত্তৰ শালমাৰাৰ দিশে আহি তাৰ পৰা ধুবুৰী লৈ নাইবা নৰনাৰায়ণ সেতু পাৰ হৈ গোৱালপাৰাৰ আগিয়ালৈ আহে৷আগিয়াৰ পৰা গৰু পৰিবাহী ট্ৰাক ৰাওনা হয় দক্ষিণ শালমাৰা মানকাচাৰৰ দিশে ৷সকলোৱে জানে যে ধুবুৰী আৰু দক্ষিণ শালমাৰাৰ পৰা ব্ৰহ্মপুত্ৰৰ বুকুৱেদি নিয়মীয়াকৈ বাংলাদেশলৈ গৰু চালান দিয়া হয়৷আনহাতে ছাগলীয়াতো পশ্চিমবংগৰ পৰা অহা গৰু সৰবৰাহ কৰা অব্যাহত আছে ৷ 
ইপিনে অবৈধভাৱে কঢ়িওৱা গৰু-ম’হ আৰক্ষী-জোৱানে জোৱানে জব্দ কৰাৰ পিছত সেইবোৰ গোৱালপাৰাৰ এক গো-শালালৈ প্ৰেৰণ কৰা হয়৷ ফলত এতিয়া এইগৰাকী গৰু মাষ্টৰে ফান্দ পাতিছে গো-শালাৰ বাবে৷ নিজৰ বৃহৎ পৰিমানৰ ভূমি থকা বুলি দাবী কৰি পত্নীৰ নামত পঞ্জীকৃত মেচাৰ্চ পাইওনিয়াৰ লাইভষ্টকৰ নামত গো-শালাৰ বাবে চৰকাৰলৈ আবেদন কৰিছে৷ সেই আবেদন পত্ৰক লৈ ওকালতি কৰা কোন শীৰ্ষ আৰক্ষী বিষয়া বদলি হবলগীয়া হৈছিল সেয়া আন এক প্ৰতিবেদনত বিস্তাৰিত উল্লেখ কৰিম৷ 
অন্যহাতে জ্যেষ্ঠ নাগৰিক মঞ্চ অসমকে ধৰি বিভিন্ন দল সংগঠনে সময়ে সময়ে মুখ্যমন্ত্ৰীক অভিযোগ দাখিল কৰাৰ পিছতো ধুৰন্ধৰ হজৰত মাষ্টৰ আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ নোহোৱা কাৰ্যক সচেতন মহলে আশ্চৰ্য প্ৰকাশ কৰাৰ লগতে পুনৰ দাবী উত্থাপন কৰিছে গৰুৰ চোৰাং বেহাৰ মূল খলনায়ক হজৰত মাষ্টৰক গ্ৰেপ্তাৰ কৰিবলৈ৷ পিছে এইজন ধুৰন্ধৰ শিক্ষক হজৰত আলীৰ বিৰুদ্ধে শিক্ষাবিভাগৰ দায়িত্বত থকা দুই নম্বৰৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কিব ব্যৱস্থা গ্ৰহণ কৰাৰ সৎ সাহস হ’বনে?

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজ দিন

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসে আজ
নামজার সময়সূচী
রাশিফল
অঙ্কন