Weather Data Source: wetter Bangalore 14 tage

July 10, 2025 12:11 am

Home » আঞ্চলিক » আসাম » MLA Report Card : বৃহৎ প্ৰত্যাহ্বানৰ সম্মুখীন হ’ব বিধায়ক নজৰুল ইছলাম

MLA Report Card : বৃহৎ প্ৰত্যাহ্বানৰ সম্মুখীন হ’ব বিধায়ক নজৰুল ইছলাম

লাহৰীঘাটৰ পৰা জহিৰুল ইছলাম :
বিধানসভা নিৰ্বাচন সমাগত। আৰু কেইটামান মাহ পিছতে অনুষ্ঠিত হ’ব ২০২১ ৰ অসম বিধানসভা নিৰ্বাচন। সেয়ে শাসক বিৰোধী প্ৰতিটো ৰাজনৈতিক দলৰে নেতা কৰ্মীয়ে নিজৰ নিজৰ সমষ্টিত নিৰ্বাচনী কুচ-কাৱাজ আৰম্ভ কৰা দেখা গৈছে। এই ক্ষেত্ৰত পিছ পৰি থকা নাই লাহৰীঘাট বিধানসভা সমষ্টিৰ নেতা‌-কৰ্মী তথা প্ৰাৰ্থীত্ব প্ৰত্যাশী সকলো। 
উল্লেখ্য যে লাহৰীঘাট সমষ্টি বিগত ২৫ বছৰ ধৰি কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰী তথা বৰ্তমানৰ বিধায়ক নজৰুল ইছলামৰ দখলত আছে। ১৯৯৬ত সমষ্টিটোৰ পৰা কংগ্ৰেছ দলৰ প্ৰাৰ্থীত্ব লাভ কৰি ডাঃ নজৰুল ইছলামে প্ৰথমবাৰৰ বাবে বিধায়ক হিচাপে নিৰবাচিত হৈছিল৷ ডাঃ নজৰুল ইছলামে সৰ্বমুঠ ৩৩,৪৩৪ টা ভোট লাভ কৰাৰ বিপৰীতে অসম গণ পৰিষদ দলৰ প্ৰাৰ্থী গণেশ চাই লাভ কৰিছিল সৰ্বমুঠ ১৭,১৭০ টা ভোট৷ 
২০০১ ত ডাঃ নজৰুল ইছলামে বিজেপি দলৰ প্ৰাৰ্থী অলি উল্লাহক ১০৮৮৭ টা ভোটৰ ব্যৱধানত পৰাস্ত কৰে। কংগ্ৰেছ দলৰ ডাঃ নজৰুল ইছলামে সৰ্বমুঠ ৪৫৫২৩ টা ভোট লাভ কৰাৰ বিপৰীতে বিজেপি দলৰ প্ৰাৰ্থী অলি উল্লাহ লাভ কৰিছিল সৰ্বমুঠ ৩৪৬৩৬ টা ভোট৷ 
২০০৬ ত ডাঃ নজৰুল ইছলামে অসম গণ পৰিষদ দলৰ প্ৰাৰ্থী আব্দুল জলিলক ২৫৮৫৪ টা ভোটৰ ব্যৱধানত পৰাস্ত কৰে। কংগ্ৰেছ দলৰ ডাঃ নজৰুল ইছলামে সৰ্বমুঠ ৪৫৪৭৬ টা ভোট লাভ কৰাৰ বিপৰীতে অসম গণ পৰিষদ দলৰ প্ৰাৰ্থী আব্দুল জলিলে লাভ কৰিছিল সৰ্বমুঠ ১৯৬২২ টা ভোট৷ 
২০১১ ত ডাঃ নজৰুল ইছলামে AIUDF দলৰ প্ৰাৰ্থী ফাৰুক ৰহমান খানক ১২৬২৩ টা ভোটৰ ব্যৱধানত পৰাস্ত কৰে। কংগ্ৰেছ দলৰ ডাঃ নজৰুল ইছলামে সৰ্বমুঠ ৫৩৫৫০ টা ভোট লাভ কৰাৰ বিপৰীতে AIUDF দলৰ প্ৰাৰ্থী ফাৰুক ৰহমান খানে লাভ কৰিছিল সৰ্বমুঠ ৪০৯২৭ টা ভোট৷ 
২০১৬ ত ডাঃ নজৰুল ইছলামে AIUDF দলৰ প্ৰাৰ্থী ছিদ্দিক আহমেদক মাত্ৰ ৫৮০৬ টা ভোটৰ ব্যৱধানত পৰাস্ত কৰে। কংগ্ৰেছ দলৰ ডাঃ নজৰুল ইছলামে সৰ্বমুঠ ৫৭৯০৪ টা ভোট লাভ কৰাৰ বিপৰীত AIUDF দলৰ প্ৰাৰ্থী ছিদ্দিক আহমেদে সৰ্বমুঠ লাভ কৰিছিল ৫২০৯৮ টা ভোট৷ 
কংগ্ৰেছ চৰকাৰৰ দিনত এগৰাকী প্ৰভাৱশালী মন্ত্ৰী হোৱা স্বত্বেও তেখেতে সমষ্টিবাসীক প্ৰতাৰণা কৰাৰ অভিযোগ উত্থাপিত হৈছে। নৈ পৰীয়া‌ ৰাইজে তেখেতৰ সমষ্টিত প্ৰৱেশ নিষিদ্ধ কৰাৰ লগতে তেখেতৰ বিফলতাক কটু ভাষাৰে সমালোচনা কৰে। মুঠৰ ওপৰত আগন্তুক বিধানসভা নিৰ্বাচনত লাহৰীঘাট সমষ্টিত নজৰুল ইছলাম যে এক বৃহৎ প্ৰত্যাহ্বানৰ সম্মুখীন হ’ব সেই‌ কথা স্পষ্ট হৈ পৰিছে । 

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজ দিন

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসে আজ
নামজার সময়সূচী
রাশিফল
অঙ্কন