Weather Data Source: wetter Bangalore 14 tage

July 20, 2025 5:36 pm

Home » আঞ্চলিক » আসাম » বিজেপিৰ আমোলত গো-মাতাৰ চোৰাং বেহা

বিজেপিৰ আমোলত গো-মাতাৰ চোৰাং বেহা

· ধুবুৰী – দক্ষিণ শালমাৰা – মানকাচৰ জিলাত অব্যাহত আছে গৰুৰ চোৰাং বেহা
· দিনে নিশাই চলিছে হাজাৰ হাজাৰ গৰু বাংলাদেশলৈ চালান
· গৰুৰ চোৰাং মাফিয়াই কঢ়িয়াই আনিছে দেশৰ সুৰক্ষাৰ প্ৰতি ভাবুকি
ব্যুৰ’ সংবাদ, গুৱাহাটী : বিজেপি দলৰ নেতা-পালিনেতাৰ মুখত আখৈ ফুটা দি ফুটে গো মাতা ৰক্ষাৰ কথা৷ গো মাতা ৰক্ষাৰ অপ্ৰীতিকৰ ঘটনা সংঘটিত কৰাৰো নজিৰ আছে৷ পিছে এই দলৰ চৰকাৰৰ ছত্ৰছায়াত একাংশ গো মাফিয়াই অনায়াসে চলাই আহিছে গো মাতাৰ বেহা৷ 
চুবুৰীয়া ৰাজ্য পশ্চিম বংগৰ বিভিন্ন প্ৰান্তৰ পৰা শ্ৰীৰামপুৰ আৰু বক্সিৰহাট ছাগলীয়া চেক গেটেৰে অসমত প্ৰৱেশ কৰা হাজাৰ হাজাৰ গৰু কলৈ চালান হৈ আছে তাৰ প্ৰকৃত ৰহস্য সাধাৰণ ৰাইজে বুজিব পাৰিলেও কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে নীৰৱ ভুমিকা পালন কৰি আহিছে৷ নামনি অসমৰ ভাৰত – বাংলাদেশ সীমান্তৰ ধুবুৰী জিলা আৰু দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ আৰক্ষী-প্ৰশাসনৰ নিৰ্লিপ্ততাৰ সুযোগ লৈ অব্যাহত আছে গৰুৰ চোৰাং ৰমৰমীয়া বেহা। প্ৰতিবেশী বহিঃ ৰাজ্য পশ্চিম বংগৰ লহতে বিহাৰ আৰু উত্তৰ প্ৰদেশৰ বিভিন্ন প্ৰান্তৰ পৰা ক্ৰয় কৰি অনা হাজাৰ হাজাৰ গৰু-ম’হ আদি পশ্চিমবংগৰ তুফানগঞ্জ অঞ্চলত মজুত কৰি ৰাখে৷ পিছত এই গৰু-ম’হ তুফানগঞ্জৰ পৰা অসম-পশ্চিম বংগ সীমান্তৰ আন্তঃৰাজ্যিক ছাগলীয়া, শ্ৰীৰামপুৰ চেক গেটেৰে পাৰ কৰি গোৱালপাৰা হৈ মেঘালয়ৰ বিভিন্ন অঞ্চলৰ লগতে ধুবুৰী জিলা আৰু দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ বিভিন্ন উন্মুক্ত সীমান্তৰে চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশলৈ সহজে চোৰাংকৈ চালান দিয়ে৷
ভাৰত-বাংলাদেশ সীমান্তৰ ধুবুৰী আৰু দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ অধীনত থকা ৩৫ কিলোমিটাৰ উন্মুক্ত জল পথত কোনো ধৰণৰ কাইটীয়া তাৰৰ ব্যবস্থা নথকাৰ সুয়োগ গ্ৰহণ কৰিয়েই দুয়োখন জিলাৰ একাংশ স্বাৰ্থন্বেষী চোৰাং গো মাফিয়া পায়নিয়াৰ লাইভ ষ্টকৰ বৰ্তাক্ৰতা হজৰত মাষ্টৰ, মিলিজুলি এণ্টাৰপ্ৰাইজপ স্বত্বাধিকাৰী ছফিকুল আলম চৌধুৰী, আদম আলীকে আদি কৰি একাংশ আন্তঃৰাষ্ট্ৰীয় চোৰাং মাফিয়াৰ দলটোৱে সীমান্তত কৰ্তব্যৰত সীমান্ত সুৰক্ষা বাহিনীক বৃহৎ ধনৰ বলত মেনেজ কৰি জলপথেৰে নিৰ্বিঘ্নে গৰু সমুহ চোৰাংকৈ চালান দি ৰমৰমীয়া বেহা চলাই গৈছে৷
লক্ষ্যনীয় যে ধুবুৰী জিলাৰ লগতে দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ শিশুমাৰাৰ পৰা হাড্ডিৰ চৰলৈ প্ৰায় ৮/ ১০ কিলোমিটাৰ উন্মুক্ত নদী পথৰ লগতে শিশুমাৰা, আসামেৰ আলগা, দ্বীপচৰ, কুকুৰ মাৰা, দিয়াৰা, কেশাৰ ভিটা, ঝাউডাঙা, কাকৰী পাৰা আদি সীমান্ত অঞ্চলেদি চোৰাং গো মাফিয়াসকলে গৰু সমুহ চালান দিয়াৰ ক্ষেত্ৰত বনুৱাসকলক প্ৰতিটো গৰুৰ বাবদ ২ ৰ পৰা ৪ হাজাৰ টকা কৈ আদায় দিয়ে । টকা লাভ কৰাৰ পিছতেই বনুৱাসকলে নিজৰ নিজৰ গন্তব্য স্থানৰ পৰা উন্মুক্ত নদীপথৰ লগতে স্থলপথেৰে উক্ত সীমান্ত অঞ্চলেদি অতি কৌশলেৰে গৰুসমুহ অসম সীমান্ত পাৰ কৰি বাংলাদেশৰ চোৰাং বেপাৰীৰ হাতত গতাই দিয়ে । দুয়োখন জিলাৰ এনে একাংশ চোৰাং গৰুৰ মাফিয়াই বাংলাদেশী ছীমকাৰ্ড ব্যৱহাৰ কৰি চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশৰ চোৰাং বেপাৰীৰ লগত সংযোগ ৰক্ষা কৰি ধনৰ লেনদেন কৰে। এনেদৰেই জিলা দুখনত চোৰাং ব্যবসায়ৰ নেটৱৰ্ক গঢ়ি তোলা এই চোৰাং গৰুৰ মাফিয়াৰ বৃহৎ দলটোৱে উক্ত সীমান্ত অঞ্চলেদি অতি সহজে বাংলাদেশলৈ হাজাৰ হাজাৰ গৰু পাৰাপাৰ কৰি ৰমৰমীয়া বেহা চলাই গৈছে। ইয়াৰোপৰি এতিয়া আকৌ বাংলাদেশলৈ মুকলি ভাবে থলুৱা প্ৰজাতিৰ গৰু সমুহ চোৰাংভাৱে পাৰাপাৰ কৰাৰ বাবেও কিছুমান অঞ্চলক ‘ছফট পেকেজ ‘ হিচাপে ব্যবহাৰ কৰি আহিছে আন্তঃৰাষ্ট্ৰীয় চোৰাং মাফিয়াৰ দলটোৱে। এই চোৰাং মাফিয়াৰ দলটোৱে দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ বিভিন্ন সীমান্তৱৰ্তী অঞ্চলৰ একাংশ শিক্ষিত নিৱনুৱা যুৱকক ধনৰ প্ৰলোভন দি গৰুৰ চোৰাং ব্যবসায়ত নিয়োজিত কৰা পৰিলক্ষিত হৈছে৷
এনেদৰে গৰুৰ চোৰাং মাফিয়াৰ দলটোৱে নিশাৰ ভিতৰতে হাজাৰ হাজাৰ গৰু বাংলাদেশলৈ চালান দি লাখ লাখ টকা অবৈধ ভাৱে সংগ্ৰহ কৰি দেশৰ সুৰক্ষাৰ প্ৰতি ভাবুকি আনিছে৷
  • বাংলাদেশৰ যাত্ৰাপুৰত গঢ়ি উঠিছে গৰুৰ বিশাল বজাৰ
  • নেটৱৰ্কত চলে টকা সংগ্ৰহ
ভাৰত- বাংলাদেশ সীমান্ত অতিক্ৰম কৰাৰ পিছত গৰু বোৰক বাংলাদেশৰ যাত্ৰাপুৰ হাটলৈ লৈ যোৱা হয়৷ ধুবুৰী আৰু দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ ভাৰত বাংলাদেশ সীমান্তৰ উন্মুক্ত সীমান্ত অঞ্চলেদি চুবুৰীয়া ৰাষ্ট্ৰঃ বাংলাদেশৰ যাত্ৰাপুৰলৈ কোনো ধৰণৰ পাচপোৰ্ট নোহোৱাকৈ সঘনে অহা যোৱা কৰিব পাৰি। বাংলাদেশৰ যাত্ৰাপুৰ বজাৰ পোৱাৰ পিছত বাংলাদেশী চোৰাং গৰুৰ ব্যৱসায়ী দলটোক প্ৰতি টো গৰুৰ বাবদ লোকেল গুন্ডাকৰ দিব লাগে। এই টকা পোৱাৰ পিছত দলটোৱে নিজেই যাত্ৰাপুৰ বজাৰত গৰুবোৰ বিক্ৰী কৰাৰ দায়িত্ব লয়। পাছত ভাৰতৰ পৰা বাংলাদেশলৈ যোৱা গৰু বজাৰত বিক্ৰী কৰি টকা সংগ্ৰহ কৰা লোকজনে বাংলাদেশৰ টকাবোৰ সংগ্ৰহ কৰি যাত্ৰাপুৰ বজাৰত থকা বিভিন্ন ৰাষ্ট্ৰৰ লগত ব্যবসায় কৰা এজেন্টক জমা দিয়ে৷ গৰুৰ এই বজাৰ সমুহত এক লাখক এশ টকা, দুই লাখক দুশ টকা আৰু এক কৌটিক এহাজাৰ টকা আদি শব্দ ব্যবহাৰ কৰা হয় ‌।
নামনি অসমৰ ভাৰত-বাংলাদেশ সীমান্তৰ দক্ষিণ শালমাৰা-মানকাচৰ জিলাত বৰ্তমানে চলি থকা অবৈধ গৰুৰ ব্যবসায়ে সকলো ধৰণৰ ব্যবসায়ক চেৰ পেলাই শীৰ্ষ পৰ্যায় পাইছে গৈ । উক্ত গৰুৰ চোৰাং ব্যবসায়ত জড়িত মাফিয়াৰ দলটোৱে গৰুবোৰ বাংলাদেশলৈ পঠিওৱাৰ সময়ত নিজে টকা সংগ্ৰহ নকৰি একোজন ‘ কালেক্টৰ ‘ নিয়োগ কৰি বাংলাদেশৰ গৰুৰ চোৰাং ব্যবসায়ীৰ সৈতে গোপনীয় কোড ব্যবহাৰ কৰি ধুবুৰী, মানকাচৰ, শিলিগুৰি বা গুৱাহাটীত থকা এজেন্টসকলৰ পৰা টকাৰ লেনদেন কৰে।
এতিয়া প্ৰশ্ন হয়-
  • চোৰাং গো মাতাৰ ব্যৱসায়টোৱেই বিজেপি কাণ্ডাৰীসকলৰ বাবে গো মাতাক ৰক্ষা কৰাটো বুজাই নেকি?
  • বিজেপি চৰকাৰৰ আমোলত ক’ত বন্ধ হ’ল ছিণ্ডিকেটৰাজ?
  • কাৰ শুভাশীষ পাই সোপা-ঢিলা নীতিত চলে আৰক্ষী-প্ৰশাসন আৰু সীমা সুৰক্ষা বাহিনী?

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজ দিন

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসে আজ
নামজার সময়সূচী
রাশিফল
অঙ্কন