Weather Data Source: wetter Bangalore 14 tage

July 20, 2025 5:52 pm

Home » আঞ্চলিক » আসাম » মানাহপৰীয়া প্ৰেছ গীল্ডৰ নতুন সমিতি গঠন

মানাহপৰীয়া প্ৰেছ গীল্ডৰ নতুন সমিতি গঠন

বৰপেটাৰোড :  বৰপেটা আৰু বাক্সা জিলাৰ এক বৃহত্তৰ অঞ্চল সামৰি গঠিত মানাহপৰীয়া প্ৰেছ গীল্ডৰ আজি নতুন কাৰ্যকৰী সমিতি গঠন কৰা হয়৷ উ

ল্লেখ্য যে গীল্ডৰ প্ৰতিষ্ঠাপক তথা প্ৰাক্তন সভাপতি হায়াত আলীৰ পৌৰহিত্যত উত্তৰ বৰপেটাৰোডৰ ৰে’লৱে ক্ৰছিং গেটস্থিত এছ এছ কমপ্লেক্সত এক সাধাৰণ সভা অনুষ্ঠিত হয়৷ গীল্ডৰ ভৱিষ্যৎ উত্তৰণৰ প্ৰতি লক্ষ্য ৰাখি উক্ত সভাত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰাৰ লগতে ২০১৭ চনত গঠন হোৱা প্ৰতিষ্ঠাকালীন সমিতিখন ভংগ কৰি মাজাহাৰুল ইছলামক সভাপতি, ছৈয়দ বুলবুল জামানুৰ হক সাধাৰণ সম্পাদক আৰু আমিৰ আলীক সম্পাদক হিচাপে লৈ নতুন কাৰ্যকৰী সমিতি গঠন কৰা হয়৷ ক’ভিড বিধি মানি অফলাইন আৰু অনলাইন (ভাৰ্চুৱেল) দুয়োটা পদ্ধতিত অনুষ্ঠিত হোৱা সভাত ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ অধ্যাপক তথা গীল্ডৰ উপদেষ্টা তাইজুদ্দিন আহমেদ, অজয় কুমাৰ চৌধুৰী, উপ-সভাপতি জাহিদুল ইছলাম মিৰ্ধা, শাজাহান আলী আহমেদ, ছানোৱাৰ ৰহমান. ৰবিউল ইছলাম ছেলিমেও অংশগ্ৰহণ কৰি বিভিন্ন পৰামৰ্শমূলক মতামত আগবঢ়ায়৷ 
গীল্ডৰ সাধাৰণ সম্পাদক ছৈয়দ বুলবুল জামানুৰ হকে উদ্দেশ্য ব্যাখ্যা কৰা অনুষ্ঠানটিতেই প্ৰতিষ্ঠাপক তথা প্ৰাক্তন সভাপতি হায়াত আলীয়ে মাজাহাৰুল ইছলামক আনুষ্ঠানিকভাৱে সভাপতিৰ দায়িত্ব প্ৰদান কৰে৷ ইপিনে সভাপতিৰ দায়িত্ব গ্ৰহণ কৰিয়েই মাজাহাৰুল ইছলামে কয় যে- মানাহপৰীয়া প্ৰেছ গীল্ডে উচ্চ-নীচ, ধনী-দুখীয়া আদি কৰি সমাজৰ সকলো শ্ৰেণীৰ হৈ সম মৰ্যাদাৰে কাম কৰি যাব৷ একেদৰে সত্যনিষ্ঠ আৰু নিৰপক্ষতাৰে সংবাদ সেৱা আগবঢ়াই সংবাদ মাধ্যমৰ প্ৰতি ইতিবাচক দিশ বুটলি আনিবলৈ মানাহপৰীয়া প্ৰেছ গীল্ডে সৰ্বতোপ্ৰকাৰৰ আহোপুৰুষাৰ্থ চেষ্টা কৰি যাব বুলি উল্লেখ কৰাৰ লগতে এইক্ষেত্ৰত সকলোৰে সহায়-সহযোগিতা কামনা কৰে৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজ দিন

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসে আজ
নামজার সময়সূচী
রাশিফল
অঙ্কন