Weather Data Source: wetter Bangalore 14 tage

July 10, 2025 12:59 am

Home » সাহিত্য » কবিতা » আমাক মাৰি পেলোৱা হওঁক

আমাক মাৰি পেলোৱা হওঁক

  • আব্দুৰ ৰহিম

এইদৰে দিনৰ পিছত দিন
বছৰৰ পিছত বছৰ
আমাক তিলতিলকৈ মৃত্যুমুখলৈ
ঠেলি দিয়াতকৈ
আমাক গুলীয়াই মাৰি পেলোৱা হওঁক,
কিজানি তেতিয়া জ্বলেই
দুখীয়াৰ জুহাল দিনে দুবাৰ,
সংস্থাপন পায় শিক্ষিত নিবনুৱাই,
আমাক মৃত্যুমুখলৈ ঠেলি দিলেই
যদি সুৰক্ষিত হয় জাতি,মাটি,ভেটি
তেন্তে আমাক গুলীয়াই মাৰা হওঁক
মহাশয়,আমাক গুলীয়াই মাৰা হওঁক৷

আমি চহা মানুহ মহাশয়
নাঙলৰ সীৰলুত বিলীন
আমাৰজীৱন যৌৱন……
আমি নাজানো বন্দুক চলাব,
চিনি নাপাওঁ অধিকাৰ বিচাৰি
জংঘললৈ যোৱা বাট,
লুঙীৰ খোচনিত আমি
ছুৰী লৈ ফুৰিব নাজানো,
বিচাৰিলে খুউব বেছি এক মুঠা
মলয় বিড়ি পাব পাৰে খোচনিত
আৰু পাঞ্জাৱীৰ জেপত
১৯৫১ ৰ লিগেচী ডাটা
১৯৬৬ ৰ চাৰ্টিফাইড কপি
ভোটাৰ পৰিচয় পত্ৰ
আৰু কেতিয়াবা ৰেচন কাৰ্ডখন৷
এইদৰে আমাক অনবৰতে
সন্দেহৰ কাঠগড়াত থিয় কৰোৱাতকৈ
আমাক গুলীয়াই মাৰি পেলোৱা হওঁক
মহাশয়,গুলীয়াই মাৰি পেলোৱা হওঁক৷

এতিয়া আমাৰ শুই উঠিবলৈও ভয়
পোহৰত যেনিবা খেদিয়ে আহে
NRC ৰ শুনানিত যাবলৈ সুতত
টকা কেইটামান ধাৰে দিয়া
বিনোদ মহাজন,নকুল মহাজনহঁতে,
পোহৰ হ’লেই কিজানিবা
সীমান্ত আৰক্ষীয়ে লৈ আহে
বিদেশী গোচৰৰ ন’টিচ,
আমাক ইমান ভয়,শংকাৰ মাজত
জীয়াই ৰখাতকৈ
আমাক গুলীয়াই মাৰি পেলোৱা হওঁক
মহাশয়,গুলীয়াই মাৰি পেলোৱা হওঁক৷

এই মাটিত আমাৰ অধিকাৰৰ পৰা
বঞ্চিত কৰাৰ অপচেষ্টা কৰা হয় অহৰহ,
আমি অধিকাৰৰ কথা ক’লেই
আমাৰ অস্তিত্বৰ বৈধতাৰ ওপৰত
প্ৰশ্ন উত্থাপন কৰা হয়,
মৃত্যুৰ আগমুহুৰ্তলৈকে আমাক
সন্দেহৰ কাঠগড়াত থিয় কৰাই
ৰখা হয় মহাশয়,
অথচ মৃত্যুৰ পাছতে আমি হৈ পৰো
সন্দেহমুক্ত নাগৰিক,
এই মাটি হৈ পৰে আমাৰ আপোন
এই মাটিয়েই হয় আমাৰ শেষ আশ্ৰয়,
যদি মৃত্যুৱেই কেৱল পাৰে
আমাক সন্দেহমুক্ত নাগৰিক বনাবলৈ,
এই মাটিত আমাৰৰ অধিকাৰ দিয়াবলৈ,
তেন্তে মৰি মৰি হ’লেও আমি সাজু
সন্দেহমুক্ত নাগৰিক হ’বলৈ,
সেয়েহে আমাক ৰাজহুৱাভাৱে
গুলীয়াই মাৰি পেলোৱা হওঁক
মহাশয়, আমাক গুলীয়াই মাৰি পেলোৱা হওঁক৷৷

সাংঃ উত্তৰ আঠিয়াবাৰী

ডাকঘৰঃ বৰপেটা ৰোড, জিলাঃ বৰপেটা (অসম)

পিন ঃ ৭৮১৩১৫
দূৰভাষঃ ৭০০২৫৮১৮৯৯, 

হোৱাটচএপঃ ৯৭০৬৮৯২২৭৬

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজ দিন

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসে আজ
নামজার সময়সূচী
রাশিফল
অঙ্কন