- তাছিৰ উদ্দিন আহমেদ, ছয়গাঁও
হালধীয়া সূৰুযটো হাতত লৈ সুধিলোঁ —
মোক কিয় দগ্ধ কৰা নাই ?
সূৰুযে ক’লে–“ দগ্ধ কৰিবলৈ তোৰ একোৱেই অৱশিষ্ট নাই ৷”
খৰস্ৰোতা নৈক ভেটা দি সুধিলোঁ–
মোক কিয় উটুৱাই নিয়া নাই ?
নৈয়ে ক’লে–“তোক বাৰে বাৰে উটুৱাই ভাগৰি পৰিছোঁ মই ৷”
প্ৰচণ্ড ধুমুহাক সুধিলোঁ–
মোক কিয় উৰুৱাই নিয়া নাই ?
ধুমুহাই ক’লে–“ ইটোৰ পৰা সিটো চাপৰিলৈ
কহুঁৱা ফুল উৰুৱাই বদনামী হ’লোঁ মই ৷”
পিঠিত থকা বদনামী সূচকপত্ৰক আঁজুৰি আনি সুধিলোঁ —
মই কিয় বদনামী ?
সূচকপত্ৰই ক’লে –“এয়া তোৰ জন্মতে অহা উপ উপাধি ৷”
দেশমাতৃৰ চৰণ চুমি
গুচাব খুজিলোঁ মনৰ সন্তাপ ,
আইমাতৃয়ে বুকুত সাৱটি লৈ ক’লে–“ আহ দুৰ্ভগীয়া !
তয়ো মোৰ গৰ্ভজ্ সন্তান৷”
দুখৰ টোপোলাটোক
সুধিলোঁ–
তই কেতিয়া সঙ্গ এৰিবি মোৰ ?
দুখে ক’লে —
“মই আজন্ম প্ৰেমিক তোৰ ৷”
তপত হুমুনিয়াহ এৰি–
অজয় ভট্টাচাৰ্যৰ_
“দুঃখে যাদেৰ জীবন গড়া
তাদেৰ আবাৰ দুঃখ কি ৰে ?”—-গুণগুণালোঁ৷