Weather Data Source: wetter Bangalore 14 tage

July 19, 2025 10:43 am

Home » দেশ এবং বিদেশে » দেশ এৰিব ভাৰতৰ ধনাঢ্য পৰিয়ালেঃ লণ্ডনত ৫৯২ কোটিৰে সুদৃশ্য অট্টালিকা ক্রয় আম্বানিৰ

দেশ এৰিব ভাৰতৰ ধনাঢ্য পৰিয়ালেঃ লণ্ডনত ৫৯২ কোটিৰে সুদৃশ্য অট্টালিকা ক্রয় আম্বানিৰ

দেশৰ বাণিজ্যিক ৰাজধানী মুম্বাই এৰি লণ্ডনত থাকিব উদ্যোগপতি মুকেশ আম্বানি৷ দেশৰ লগতে এছিয়াৰ ১ নম্বৰ ধনাঢ্য তথা বিশ্বৰ একাদশ ধনাঢ্য উদ্যোগপতি ৰিলায়েঞ্চ ইণ্ডাষ্ট্রীৰ স্বত্বাধিকাৰী মুকেশ আম্বানিয়ে পৰিয়ালসহ মুম্বাই এৰি লণ্ডনত থকাৰ পৰিকল্পনা কৰিছে৷

ক’ভিড–১৯ লকডাউনৰ সময়তে উদ্যোগপতি মুকেশ আম্বানিয়ে দেশৰ লগতে বিদেশৰ বিশেষকৈ ব্রিটেইনৰ লণ্ডনত থিতাপি লোৱাৰ সিদ্ধান্ত লৈছিল৷ সেইমর্মে লণ্ডনৰ বাকিংহামশ্বায়াৰত ৩০০ একৰ ভূমি ৫৯২ কোটি টকাৰে ক্রয় কৰি বিশাল অট্টালিকা নির্মাণ কৰিছে৷ এই অট্টালিকাত সকলো অত্যাধুনিক সা–সুবিধাৰ লগতে ৪৯টা শোৱনি কোঠা আছে৷ লগত আছে এখন চিকিৎসালয়৷ লকডাউনৰ সময়ত জাম নগৰত কিছুদিন কটোৱা আম্বানি পৰিয়ালে লণ্ডনৰ বাকিংহামশ্বায়াৰত থাকি ব্যৱসায় চলাই যাব৷ মুম্বাইৰ বিশাল অট্টালিকাৰ উপৰি বিদেশত ঘৰ নির্মাণ কৰাৰ পৰিকল্পনা লোৱা আম্বানিয়ে যোৱা বর্ষৰ এপ্রিল মাহত বাকিংহামশ্বায়াৰৰ ষ্টকপার্কৰ কাউণ্টী ক্লাবৰ সমীপত ৩০০ একৰ ভূমি ক্রয় কৰিছিল আৰু আগষ্টৰ পৰাই তাত বিশাল অট্টালিকা নির্মাণৰ কাম আৰম্ভ কৰিছিল৷
সম্প্রতি এই বিশাল অট্টালিকাটো সম্পূর্ণ হৈ উঠাৰ পাছতেই আম্বানি পৰিয়ালে উক্ত অট্টালিকালৈ ঘৰখন স্থানান্তৰিত কৰিব৷ কালি দীপাৱলী আম্বানি পৰিয়ালে উক্ত নতুন অট্টালিকাটোতেই উদ্যাপন কৰে৷ বিগত তিনি মাহ ধৰি আম্বানি পৰিয়ালে লণ্ডনৰ বাসগৃহত বসবাস কৰি থকাৰ পৰিপ্রেক্ষিততেই আম্বানি পৰিয়ালে দেশ এৰি বিদেশত থিতাপি লোৱাৰ চর্চা চলিছে৷ এই চর্চা চলি থকাৰ মাজতে ৰিলায়েন্সে বাতৰিটো অস্বীকাৰ কৰিছে৷
উল্লেখ্য যে আম্বানি পৰিয়ালৰ মুম্বাইৰ আল্ট্রামাউণ্ট ৰোডত বিশাল অট্টালিকা ‘এনটিলা’ত থাকিয়েই ব্যৱসায়–বাণিজ্য নিয়ন্ত্রণ কৰাৰ লগতে জীৱন যাপন কৰি আহিছে৷ কিন্তু লকডাউনৰ পৰিপ্রেক্ষিতত সৃষ্ট পৰিস্থিতিৰ বাবেই দেশৰ ১ নম্বৰ ধনাঢ়্য ব্যক্তি আম্বানিয়ে দেশ এৰি লণ্ডনগামী হৈছে৷ মন কৰিবলগীয়া যে ১০০ বিলিয়ন মার্কিন ডলাৰৰ গৰাকী হোৱা মুকেশ আম্বানি বিশ্বৰ একাদশ উদ্যোগপতি৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজ দিন

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসে আজ
নামজার সময়সূচী
রাশিফল
অঙ্কন