Weather Data Source: wetter Bangalore 14 tage

July 9, 2025 3:45 pm

Home » আঞ্চলিক » আসাম » ব্যৱসায়ী কৈলাস লোহিয়াৰ কার্যালয়–বাসগৃহত মাৰাথন তালাচ

ব্যৱসায়ী কৈলাস লোহিয়াৰ কার্যালয়–বাসগৃহত মাৰাথন তালাচ

আয়কৰ ফাঁকি আৰু আয়ৰ বহির্ভূত সম্পত্তি আহৰণৰ অভিযোগত আজি গুৱাহাটী মহানগৰীত কেইবাটাও ব্যৱসায়িক প্রতিষ্ঠানত চলিল আয়কৰ বিভাগৰ ব্যাপক অভিযান৷ কলকাতাৰ পৰা অহা আয়কৰ বিভাগৰ প্রায় ২০০জনীয়া দল এটাই পুৱা ৭ বজাৰ পৰাই অভিযান চলালে কৈলাস লোহিয়াৰ কার্যালয় আৰু বাসগৃহত৷ সমান্তৰালভাৱে অভিযান চলিল কৈলাস লোহিয়াৰ ব্যৱসায়িক সংগী ৰাজাচৰিয়া, আগৰৱালা আৰু গোৱেলৰ ব্যৱসায়িক প্রতিষ্ঠানতো৷ আয়কৰ বিভাগৰ সূত্র অনুসৰি, গুৱাহাটীৰ ব্যৱসায়ী কৈলাস লোহিয়াৰ খ্রীষ্টানবস্তিৰ দিহাং আর্কেডত থকা পৃথিৱী নির্মাণ প্রাইভেট লিমিটেডৰ লগতে আন এক কার্যালয়তো আয়কৰ বিভাগে তালাচী চলায়৷ সমান্তৰালভাৱে লোহিয়াৰ ফাঁচীবজাৰত থকা বাসগৃহতো অভিযান চলায় আয়কৰ বিভাগে৷

উল্লেখ্য যে অসমৰ লগতে ৰাজ্যৰ বাহিৰতো বৃহৎ ব্যৱসায় গঢ়ি তোলা কৈলাস লোহিয়াই যোৱা দীর্ঘদিন ধৰি কৰ ফাঁকি দিয়াৰ অভিযোগ উত্থাপন হৈছে৷ আয়কৰ বিভাগৰ ওচৰত দাখিল কৰা তথ্যভিত্তিক এক অভিযোগ অনুসৰি আজি পুৱা ৭ বজাৰ পৰা চলোৱা এই অভিযানত কৈলাস লোহিয়াৰ ব্যৱসায়িক প্রতিষ্ঠানৰ পৰা কোটি কোটি টকাৰ কৰ ফাঁকিৰ একাধিক তথ্য লাভ কৰিছে আয়কৰ বিভাগে৷ সমান্তৰালভাৱে খ্রীষ্টানবস্তিত থকা লোহিয়া গ্রুপৰ কার্যালয়ৰ পৰাও আয়কৰ বিভাগে জব্দ কৰিছে বহু আপত্তিজনক তথ্য৷
উল্লেখ্য যে একাধিক ব্যৱাসায়েৰে ইতিমধ্যে কোটিপতি হৈ পৰা কৈলাস লোহিয়াই তেওঁৰ ব্যৱসায়িক সাম্রাজ্য বহিঃৰাজ্যলৈও সম্প্রসাৰণ কৰিছে৷ একেটা ব্যৱসায়েৰে শাখা বুলি আয়কৰ বিভাগক দেখুৱাই কৰ ফাঁকি দি অহা কৈলাস লোহিয়াৰ বিৰুদ্ধে শেহতীয়াকৈ গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷ পূর্বেও কৈলাস লোহিয়াৰ ব্যৱসায়িক প্রতিষ্ঠানত আয়কৰ বিভাগে অভিযান চলাই বহু নথি জব্দ কৰিছে৷ উক্ত ঘটনাৰ সম্পূর্ণ তদন্ত মাৰ নৌযাওঁতেই পুনৰ আয়কৰ বিভাগে কৈলাস লোহিয়াৰ ব্যৱসায়িক প্রতিষ্ঠানত চলা এই অভিযান যথেষ্ট লক্ষণীয়ৰূপে পৰিগণিত হৈছে৷ মন কৰিবলগীয়া যে কংগ্রেছ চৰকাৰৰ আমোলত ৰাজসাহায্য লুটিপুতি খোৱা কৈলাস লোহিয়াই ভুৱা ফার্ম খুলি কৰ ফাঁকি দিয়াৰ অভিযোগ উত্থাপন হৈ আহিছিল৷ ব্যৱসায়িক প্রতিষ্ঠানৰ কর্মচাৰীৰ পানকার্ডৰ জৰিয়তে ধনৰ লেনদেন কৰি কৰ ফাঁকি দি অহা কৈলাস লোহিয়াৰ শ্বিলং আৰু কলকাতাস্থিত ব্যৱসায়িক প্রতিষ্ঠানতো আয়কৰ বিভাগে আজি তালাচী চলায়৷
ইফালে, আয়কৰ বিভাগৰ সূত্রই প্রকাশ কৰা অনুসৰি কৈলাস লোহিয়াৰ লগতে ৰাজাচৰিয়া আৰু আগৰৱালাৰ প্রতিষ্ঠানতো আজি আয়কৰ বিভাগৰ দলে অভিযান চলাই কৰ ফাঁকি দিয়াৰ বহু নথি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে৷ আয়কৰ বিভাগে এই অভিযান সম্পর্কে বিস্তৃত তথ্য সদৰী কৰা নাই যদিও কৈলাস লোহিয়াই মূলতঃ ভুৱা ফার্ম খুলি ধনৰ লেনদেন কৰাৰ অভিযোগতে এই অভিযান চলিছে৷ আজিৰ এই অভিযানৰ সময়ছোৱাতে আয়কৰ বিভাগে কৈলাস লোহিয়াৰ প্রায় অর্ধশতাধিক গাণনিক আৰু শাখা প্রবন্ধকক জেৰা চলায়৷ সূত্রটোৱে প্রকাশ কৰা অনুসৰি কৈলাস লোহিয়াৰ ব্যৱসায়িক সাম্রাজ্য বহু দূৰলৈ বিয়পি আছে৷ এনে ব্যৱসায়িক সাম্রাজ্যৰ মাজৰ পৰা কৰ ফাঁকি দিয়াৰ তথ্য সংগ্রহ কৰাৰ বাবে কিছু সময়ৰ প্রয়োজন হ’ব৷ সেয়েহে অহা দুদিন ধৰি পুনৰ কৈলাস লোহিয়াৰ ব্যৱসায়িক প্রতিষ্ঠানত নথি বিচাৰি অভিযান চলোৱাৰ সম্ভাৱনা আছে৷
ঘোষ ব্রাদার্ছৰ বিৰুদ্ধে ইডিৰ অভিযান
গুৱাহাটী মহানগৰীৰ ঘোষ ব্রাদার্ছ নামৰ ব্যৱসায়িক প্রতিষ্ঠানটোৰ বিৰুদ্ধেও আজি অভিযান চলাই এনফ’চমেণ্ট ডাইৰেক্টৰেট (ইডি)–এ৷ বাতৰি লিখা সময়লৈকে ইডিয়ে প্রতিষ্ঠানটোৰ পৰা নগদ ৬৩ লাখ টকাৰ লগতে বৃহৎ পৰিমাণৰ সোণৰ অলংকাৰ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে৷ জানিব পৰা মতে, ঘোষ ব্রাদার্ছ প্রতিষ্ঠানটোৱে আইডিবিআই বেংকৰ পৰা ভুৱা নথিৰে ১২৪ কোটি টকাৰ ঋণ লৈছিল৷ এই সম্পর্কত বেংক কর্তৃপক্ষই কলকাতাত ৰুজু কৰা এটা গোচৰৰ ভিত্তিতে আজি ইডিয়ে অভিযান চলায়৷ ইয়াৰ পূর্বে চিবিআয়েও ঘোষ ব্রাদার্ছত অভিযান চলাইছিল৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজ দিন

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসে আজ
নামজার সময়সূচী
রাশিফল
অঙ্কন