Weather Data Source: wetter Bangalore 14 tage

July 9, 2025 3:16 pm

Home » বিজ্ঞাপন » স্পষ্টীকৰণ

স্পষ্টীকৰণ

প্ৰসঙ্গ- ধুবুৰী জিলাৰ আন্তঃৰাষ্ট্ৰীয় বাণিজ্যিক কেন্দ্ৰ সোণাহাটত ছিণ্ডিকেট 
ধুবুৰী জিলাৰ আন্তঃৰাষ্ট্ৰীয় বাণিজ্যিক কেন্দ্ৰ সোণাহাটত ছিণ্ডিকেট চলি থকা বুলি প’ৰ্টেলসহ একাংশ সংবাদ মাধ্যমত প্ৰচাৰিত বাতিৰটো মোৰ দৃষ্টিগোচৰ হৈছে৷ বাতৰিটোত উল্লেখ কৰা অনুসৰি উক্ত ছিণ্ডিকেট চক্ৰত জড়িত থকা বুলি মোৰ নামো উল্লেখ কৰিছে, যি সম্পূৰ্ণ ভিত্তিহীন আৰু মনেসজা৷ প্ৰকৃতাৰ্থত আন্তঃৰাষ্ট্ৰীয় ব্যৱসায়-বাণিজ্য কৰাৰ বাবে ভাৰত চৰকাৰৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত তথা পঞ্জীয়নভূক্ত এগৰাকী ব্যৱসায়ী৷ মোৰ দৰে এনে বহুতো ব্যৱসায়ী আছে যি সকলে দেশ এখনৰ অৰ্থনৈতিক উন্নয়নৰ ক্ষেত্ৰত ভালেখিনি অৰিহণা আগবঢ়ায়৷ কিন্তু সৎ পথেৰে কপালৰ ঘাম মাটিত পেলাই ব্যৱসায় কৰা এনে ব্যৱসায়ীসকলৰ কাম-কাজত একাংশ দুস্কৃতিকাৰী তথা দুষ্ট চক্ৰই একমাত্ৰ নিজৰ পকেট চহকী কৰাৰ বাবে বিভিন্ন বাধা-বিঘিনীৰ সৃষ্টি কৰে৷ প্ৰকৃতাৰ্থত নিজকে স্থানীয় লোকৰ বুলি দাবী-দম্ভালি মাৰি অকৰ্ম্য একাংশ লোক লৈ গঠিত এই দুষ্ট চক্ৰটোৱে ছিণ্ডিকেট চলাই ব্যৱসায়ীসকলৰ লগতে প্ৰশাসনৰ লোকৰ পৰাও ধন দাবী কৰি এক অৰাজকতাৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে৷ যি চক্ৰত হাত উজান দিছে একাংশ সাংবাদিক নামধাৰী লোকেও৷ তেওঁলোকে বিচৰা ধৰণে ধন নিদিলেই মনে সজা নিজৰ ইচ্ছামতেই একাংশ ব্যৱসায়ী আৰু প্ৰশাসনৰ লোকক সাঙুৰি ছিণ্ডিকেট চলি থকা বুলি হকে-বিহকে বাতৰি প্ৰেৰণ বা পৰিৱেশন কৰে৷ এই দুষ্ট চক্ৰটোৱে কেনেদৰে ছিণ্ডিকেট চলাই আছে বা চলাব বিচাৰে তাৰ কিছু তথ্য আমাৰ হাততো আছে৷ প্ৰয়োজনত প্ৰশাসন আৰু সংবাদ মাধ্যমত সেয়া আমিও যোগান ধৰিম৷ সেইবুলি সৎ পথেৰে ব্যৱসায় কৰা লোকসকলক মানসিকভাৱে হাৰাশাস্তি প্ৰদান কৰাৰ অধিকাৰ এই দুষ্ট চক্ৰটোৰ নাই৷ গতিকে আগন্তুক সময়ত শুধ্য তথ্যৰ ভিত্তিত বাতৰি প্ৰেৰণ বা পৰিৱেশন কৰিবলৈ সাংবাদিক তথা সংবাদ মাধ্যমক অনুৰোধ জনালো আৰু যিসকলে এনে ভূৱা বাতৰি যোগান ধৰে তেওঁলোকৰ বিৰুদ্ধে আইনী ব্যৱস্থা লবলৈ বাধ্য হ’ম বুলি সকীয়াই দিলো৷
-আৰিফ মহম্মদ খান

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজ দিন

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসে আজ
নামজার সময়সূচী
রাশিফল
অঙ্কন