Weather Data Source: wetter Bangalore 14 tage

July 20, 2025 6:04 pm

Home » আঞ্চলিক » আসাম » ন্যায়পালিকা বনাম কাৰ্যপালিকা : গণতন্ত্ৰৰ প্ৰতিটো অংশত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ কিমান গ্ৰহণযোগ্য- Debabrat Saikia

ন্যায়পালিকা বনাম কাৰ্যপালিকা : গণতন্ত্ৰৰ প্ৰতিটো অংশত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ কিমান গ্ৰহণযোগ্য- Debabrat Saikia


-দেৱব্ৰত শইকীয়া, বিৰোধী দলপতি, অসম
সংবিধানৰ গণ্ডীৰ বাহিৰত গৈ আৰক্ষী অথবা অন্যান্য বিভাগে কৰা বিভিন্ন ভুলক চৰকাৰৰ ভুল অভিহিত কৰি পৰৱৰ্তী সময়ত সেইক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচৰাৰ যি এক নতুন প্ৰৱণতা আৰম্ভ হৈছে, সি এক সুস্থ গণতন্ত্ৰৰ লক্ষণ নহয়। কাৰ্যপালিকাৰ মুৰব্বী হিচাপে মুখ্যমন্ত্ৰীয়ে সংবিধানপ্ৰদত্ত ক্ষমতাৰ বাহিৰে ন্যায়পালিকা অথবা বিধানপালিকাৰ কাৰ্য্যত হস্তক্ষেপ কৰাটো ন্যায়সংগত কেতিয়াও হ’ব নোৱাৰে। কিন্তু মুখ্যমন্ত্ৰীৰ ক্ষমতাক অতিৰঞ্জিত কৰি এচাম দল সংগঠনে পদলেহনকাৰীৰ ভূমিকাত অৱতীৰ্ণ হৈ প্ৰত্যেক ক্ষেত্ৰতে মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰি তেওঁক ন্যায়পালিকা আৰু বিধানপালিকাৰো মুৰব্বীৰ দৰে জ্ঞান কৰা কাৰ্য্য একেবাৰেই সমুচিত নহয়।বিধানপালিকাই সমৰ্থন জনোৱা আইনৰ জৰিয়তে দেশৰ কাম কাজ চলোৱাটোৱেই কাৰ্য্যপালিকাৰ মূল কাম। আৰু এই আইনৰ উলংঘনৰ দৰে পৰিস্থিতিত ন্যায়পালিকাই হস্তক্ষেপ কৰে।কিন্তু দেখা গৈছে যে মুখ্যমন্ত্ৰীক এক ভগৱানৰ দৰে স্থান দিবলৈ এচাম নাগৰিকে এতিয়া ন্যায়পালিকাৰ অন্তৰ্ভুক্ত বিষয়তো মুখ্যমন্ত্ৰীৰ হস্তক্ষেপৰ বিচাৰি সংবাদমাধ্যমত মন্তব্য প্ৰকাশ কৰে।মন্তব্যতে ক্ষান্ত নাথাকি কিছু লোকে আৰক্ষীৰ জিম্মাৰ পৰা কোনো লোকক মোকোলাই দিবলৈ মুখ্যমন্ত্ৰীক আৱেদন নিবেদন কৰাও দেখা গৈছে। ভাৰতীয় দণ্ডবিধি আইন অনুসৰি ভাৰতৰ ন্যায় পালিকাই কোনো গোচৰৰ ৰায়দান কৰে আৰু এইক্ষেত্ৰত আইনৰ সন্মুখত সকলো লোক সমান।তেনেক্ষেত্ৰত, কাৰ্যপালিকাৰ মুৰব্বী হিচাপে মুখ্যমন্ত্ৰীয়ে কেনেকৈ ন্যায়ালয়ৰ কাম কাজত হস্তক্ষেপ কৰি আহিছে সেয়াও এক প্ৰশ্নৰ বিষয়।লগতে প্রশ্ন উঠিছে অপৰাধ অনুসন্ধান আৰু অপৰাধী গ্ৰেপ্তাৰৰ ক্ষেত্ৰত আৰক্ষীৰ ভূমিকাৰ ওপৰতো।বাৰে বাৰে কিয় ব্যক্তিবিশেষৰ গ্ৰেপ্তাৰৰ ক্ষেত্ৰত সমালোচনাৰ সম্মুখীন হৈ আহিব লগা হৈছে অসম আৰক্ষী।তদুপৰি, এটা দিন আৰক্ষীৰ জিম্মাত কটোৱাৰ পিছত কেনেকৈ মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ ভিত্তিত এজন ব্যক্তিক এৰি দিয়াৰ প্ৰৱণতাক প্ৰশ্ৰয় দিছে আৰক্ষীয়ে । নে গ্ৰেপ্তাৰৰ নাটকৰ আচিলা লৈ সস্তীয়া জনপ্ৰিয়তা অর্জন আৰু ক্ষমতা প্ৰদৰ্শনৰ বাবে আৰক্ষী বিভাগক ব্যৱহাৰ কৰি আহিছে চৰকাৰী পক্ষই ? কিছুদিন পূৰ্বে নগাঁওত শিৱৰ ৰূপত প্ৰতীকি প্ৰতিবাদ কৰা বিৰিঞ্চি বৰাৰ ক্ষেত্ৰতো অনুৰূপ ঘটনাই দেখা গৈছিল। নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ এদিনৰ পিছত মুখ্যমন্ত্ৰীৰ ভাষ্যৰ ওপৰত ভিত্তি কৰি বিৰিঞ্চি বৰাক মুকলি কৰি দিয়া কাৰ্যই সচেতন মহলক সচকিত কৰি তুলিছিল। অসম আৰক্ষীৰ স্মাৰ্ট পুলিচিঙৰ নমুনা এইয়াই নেকি যে এজন ব্যক্তিক গ্ৰেপ্তাৰ আৰু মুকলি কৰি দিয়াৰ ন্যাৰ্যতাৰ বাবে তেওঁলোকে মুখ্যমন্ত্ৰীৰ নিৰ্দেশলৈ অপেক্ষা কৰিব লগা হয় ? শেহতীয়াকৈ বর্ষাশ্ৰী বুঢ়াগোহাঁইৰ গ্ৰেপ্তাৰৰ ক্ষেত্ৰতো মহামান্য আদালতত বিচাৰাধীন হৈ থকা এটা গোচৰত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচৰা কাৰ্য্য প্ৰকৃতাৰ্থত সুস্থ গণতন্ত্ৰৰ পৰিপন্থী। তিনিও পালিকা স্বতন্ত্ৰ ৰূপত কার্যক্ষম হৈ থাকিবলৈ কাৰ্যপালিকাই ন্যায়পালিকাৰ কোনো কামত হস্তক্ষেপ কৰাতো উচিত নহয়।
সেয়ে সমূহ সচেতন মহলক ন্যায়পালিকাৰ লগত জড়িত বিষয়ত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ কামনা নকৰি মহামান্য আদালতৰ হস্তক্ষেপৰ দাবী জনাবলৈহে অনুৰোধ জনালোঁ। তদুপৰি, আৰক্ষী বিভাগৰ ব্যৰ্থতাৰ বাবে কাৰ্যপালিকাৰ মুৰব্বী হিচাপে মুখ্যমন্ত্ৰী মহোদয়ো সমালোচনাৰ পাত্ৰ হোৱা উচিত।তাত বিপৰীতে তেওঁক আৰক্ষী বিভাগৰ দৰে স্বতন্ত্ৰ আইন শৃংখলাৰ লগত জড়িত এটা বিভাগৰ ত্ৰানকর্তাৰ স্থান দিয়াটো মুঠেই সমুচিত নহয়।
———————–

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজ দিন

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসে আজ
নামজার সময়সূচী
রাশিফল
অঙ্কন