Weather Data Source: wetter Bangalore 14 tage

July 19, 2025 2:22 pm

Home » আঞ্চলিক » আসাম » Milk Fish | অসমে শীঘ্ৰে আৰম্ভ কৰিব মিল্ক ফিছৰ উৎপাদন

Milk Fish | অসমে শীঘ্ৰে আৰম্ভ কৰিব মিল্ক ফিছৰ উৎপাদন

ইলিশ মাছৰ সোৱাদ ল’বলৈ এতিয়া আৰু বাংলাদেশলৈ অপেক্ষা কৰিব নালাগে৷ কাৰণ অসমৰ জনসাধাৰণে শীঘ্ৰে সোৱাদ ল’ব পাৰিব এক নতুন মাছৰ, যাৰ সোৱাদ ইলিশৰ দৰেই৷ ‘যদি সকলো ঠিকে ঠাকে থাকে তেন্তে অসমে অচিৰেই আৰম্ভ কৰিব মিল্ক ফিছৰ উৎপাদন৷ 
ইয়াৰ বাবে কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ ন’ডেল এজেন্সী হিচাপে কাম কৰা ইণ্ডিয়ান কাউন্সিল অৱ এগ্ৰিকালচাৰেল ৰিছাৰ্চৰ অধীনস্থ চেণ্ট্ৰেল ইন্‌ষ্টিটিউট অৱ ব্ৰেকিছৱাটাৰ একোৱাকালচাৰ, চমুকৈ চিআইবিএ-ই গৱেষণা আৰম্ভ কৰিছে৷’–এই মন্তব্য চিআইবিএৰ সঞ্চালক ড॰ কুলদীপ কে লালৰ৷ প্ৰেছ ইনফৰমেচন ব্যুৰ’ৰ উদ্যোগত তামিলনাডু ভ্ৰমণলৈ যোৱা সাংবাদিকৰ দলৰ সৈতে অনুষ্ঠিত এখন বৈঠকত চিআইবিএৰ সঞ্চালক ড॰ কুলদীপ কে লালে এইদৰে কয়৷ ড॰ লালে আৰু কয় যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ সৈতে মিলি ইতিমধ্যে গৱেষণা চলি আছে আৰু অতি সোনকালে অসমে মিল্ক ফিছ উৎপাদন কৰিবলৈ গৈ আছে৷ 
তেওঁ আৰু কয় যে গৱেষণা প্ৰায় চূড়ান্ত পৰ্যায়ত আছে আৰু এতিয়া চিআইবিএ-য়ে যুৱ উদ্যোগীলৈ অপেক্ষা কৰিছে, যিসকলে উৎপাদন প্ৰক্ৰিয়াৰ পদক্ষেপ গ্ৰহণ কৰিব৷ মিল্ক ফিছৰ বিষয়ে অৱগত কৰি সঞ্চালকগৰাকীয়ে কয় যে মিল্ক ফিছৰ সোৱাদ প্ৰায় ইলিছ মাছৰ দৰেই৷ ড॰ লালে আৰু কয় যে অসমসহ সকলো ৰাজ্যতে মাছ উৎপাদন আন্তঃগাঁথনি বিকাশৰ প্ৰয়োজন আছে৷ অসম চৰকাৰৰ মীন বিভাগে বহিঃৰাজ্যৰ পৰা অহা মাছৰ ওপৰতে নিৰ্ভৰ কৰিবলগীয়া হয়৷ মাছৰ মূল্য নিৰ্ধাৰণৰ ক্ষেত্ৰত নিৰ্ধাৰিত কোনো নীতি-নিয়ম নাই৷ 
আনহাতে, অসমত মাছৰ খাদ্যৰ মিল নাই বুলি মন্তব্য কৰে চিআইবিএৰ সঞ্চালকে৷ তেওঁৰ মতে, মাছৰ উৎপাদনত খাদ্য প্ৰস্তুতি মিলৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে৷ চিবাৰ বিষয়াসকলে অসমৰ সাংবাদিক দলটোক মাছৰ খাদ্য প্ৰস্তুতৰ মিল, মাছৰ পোনা, মিছা মাছৰ উৎপাদন প্ৰণালী, কেঁকোৰা উৎপাদন আদিৰ বিস্তাৰিত ব্যাখ্যা আগবঢ়ায়৷ ইয়াৰ উপৰি চেন্নাইৰ পৰা ৩০ কিঃমিঃ দক্ষিণে অৱস্থিত মটুকড্ডুত থকা উৎপাদন কেন্দ্ৰত আলংকাৰিক কেঁকোৰা উৎপাদন আৰু ব্যৱস্থাপ্ৰণালী স্বচক্ষে প্ৰত্যক্ষ কৰে সাংবাদিকৰ দলে৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজ দিন

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসে আজ
নামজার সময়সূচী
রাশিফল
অঙ্কন