Weather Data Source: wetter Bangalore 14 tage

July 16, 2025 5:18 pm

প্ৰতিভা

বাক্সাৰ চুক্ৰুংবাৰীৰ বুহুম বড়োৰ কৃতিত্ব

হাইস্কুল শিক্ষান্ত পৰীক্ষাত ডিষ্টিংচন সহ  প্ৰথম বিভাগত উত্তীৰ্ণ বুহুম বড়ো ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বাক্সা জিলাৰ মথনগুৰি পৰিষদীয় সমষ্টিৰ চুক্ৰুংবাৰীৰ বুহুম বড়োৱে অঞ্চলটোলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে৷ কোকৰাঝাৰস্থিত অক্সিলিয়াম ইংলীচ মিডিয়াম স্কুলৰ ছটা বিষয়ৰ ছটাতে লেটাৰ নম্বৰ লাভ কৰে৷ ছাত্ৰজনে ইংৰাজী বিষয়ত ১০০ৰ ভিতৰত ১০০ নম্বৰ লাভ কৰাৰ লগতে মুঠ ৫৬৭ নম্বৰ লাভ কৰিছে৷ ছাত্ৰজনৰ পিতৃ মণিকান্ত বড়ো আৰু মাতৃ সুমিত্ৰা বড়োৰ লগতে অঞ্চলটোৰ সচেতন ৰাইজে বুহুম বড়োৰ এই কৃতিত্বক শলাগ জনাইছে৷ মেধা সম্পন্ন ছাত্ৰ জনে ভৱিষ্যতে এগৰাকী চিকিৎসক হোৱাৰ সপোন থকা বুলি সংবাদ মাধ্যমক জানিবলৈ দিয়ে৷   নিউজ ডেক্স ৰিপোৰ্ট, সংবাদ প্ৰহৰী

Read More »

দেশপ্রেন মূলক গীত পৰিৱেশন কৰি উজলি উঠিল মাফুজা ইয়াছমিন

বৰপেটাৰোড : ৭৫ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে দেশপ্রেন মূলক গীত পৰিৱেশন কৰি উজলি উছিল শিশুশিল্পী মাফুজা ইয়াছমিন৷ বৰপেটা জিলাৰ অন্তৰ্গত বাণিজ্যনগৰী বৰপেটাৰোড সমীপৰ বিলাসীপাৰা গাঁৱৰ ইদ্রীছ আলী আৰু মাছুমা হকৰ সাত বছৰীয়া কন্যা মাফুজা ইয়াছমিন৷  উল্লেখ্য যে ৭৫ সংখ্যক স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি বৰপেটা জিলা প্ৰশাসনে দেশভক্তিমূলক গীত পৰিৱেশনৰ এক প্ৰতিযোগিতা অনুষ্ঠিত কৰিছিল৷ উক্ত প্ৰতিযোগিতাত শিশুশিল্পী মাফুজা ইয়াছিমে দ্বিতীয় স্থান দখল কৰি সমগ্ৰ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনে৷ সমগ্ৰ দেশৰ লগতে বৰপেটা জিলা প্ৰশাসনেও সদৰ বৰপেটা আয়োজন কৰা ৭৫ সংখ্যক স্বাধীনতা দিৱসৰ কাৰ্যসূচীত মাফুজাক পুৰস্কাৰ আৰু মানপত্ৰ প্ৰদান কৰে৷ মাছুমাৰ এই সফলতাত অঞ্চলবাসীৰ লগতে তেওঁৰ পৰিয়াল স্বাভাৱিকতেই উৎফুল্লিত হৈ পৰে৷ ইপিনে মাফুজাই এই সন্মান লাভ কৰি পৰৱৰ্তী সময়ত আৰু অধিক

Read More »

হস্তীৰ কন্যা প্ৰতিমা পাণ্ডেৰ জন্মদিন পালন ৰাজ্যজুৰি

কোকৰাঝাৰ : ‘হস্তীৰ কন্যা’ পদ্মশ্ৰী সন্মানপ্ৰাপক প্ৰতিমা বৰুৱা পাণ্ডেৰ ৮৬সংখ্যক জয়ন্তী আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত পালন কৰা হৈছে৷ অবিভক্ত গোৱালপাৰা জিলাৰ অনুপম সংস্কৃতিক উপাদান গোৱালপৰীয়া লোকগীতক বিশ্ব দৰবাৰলৈ লৈ যোৱাত এক বিশেষ ভূমিকা পালন কৰিছিল প্ৰতিমা বৰুৱা পাণ্ডেই৷ লোকগীতৰ সম্ৰাজ্ঞী প্ৰতিমা বৰুৱা পাণ্ডৰ জন্ম হৈছিল ধুবুৰী জিলাৰ গৌৰিপুৰৰ ৰাজ পৰিয়ালত ১৯৩৫ৰ আজিৰ দিনটোতে৷ গোৱালপৰীয়া লোকগীতক এক অনন্য মাত্ৰা প্ৰদান কৰা তথা ব্যাপক বিস্তৃতি দিয়া প্ৰতিমা বৰুৱা পাণ্ডেই ১৯৯১ চনত ‘পদ্মশ্ৰী’ আৰু ১৯৮৮ চনত ‘সংগীত নাটক একাডেমী’ পুৰষ্কাৰেৰে বিভূষিত হয়। গৌৰীপুৰৰ ৰাজপৰিয়ালৰ প্ৰখ্যাত হাতী বিশেষজ্ঞ প্ৰকৃতীশ চন্দ্ৰ বৰুৱাৰ কন্যা আৰু ভাৰতীয় চিনেমাৰ পিতামহ ‘দেৱদাস’ খ্যাত চলচ্চিত্ৰৰ পৰিচালক প্ৰমথেশ চন্দ্ৰ বৰুৱাৰ ভতিজী আছিল প্ৰতিমা বৰুৱা পাণ্ডে। তেওঁ ৰেকৰ্ড কৰা গীতৰ সংখ্যা ৩২০টা৷

Read More »

চালেহা আহমেদক প্রণৱ বৰুৱা শিল্পী বঁটা প্রদান

গুৱাহাটী : আধুনিক চিত্রশিল্পলৈ অনবদ্য অৱদান আগবঢ়াই যোৱা চিত্রশিল্পী প্রণৱ বৰুৱা শিল্পী বঁটা আজি যোৰহাটৰ দানবীৰ ৰাধাকান্ত সন্দিকৈ ভৱনত অনুষ্ঠিত গাম্ভীর্যপূর্ণ সভাত ৰাজ্যৰ প্রসিদ্ধ ভাস্কর্যশিল্পী চালেহা আহমেদক প্রদান কৰা হয়৷ বঁটাটোত আছে সম্বর্ধনা পত্র, প্রশস্তি পত্র আৰু নগদ ২৫ হাজাৰ টকা৷ যোৰহাটৰ ভাস্কর্য শিল্পী চালেহা আহমেদক বঁটাটো প্রদান কৰে অনুষ্ঠানত মুখ্য অতিথি অসম মহিলা বিশ্ববিদ্যালয়ৰ প্রথম গৰাকী উপাচার্য ড০ মালিনী গোস্বামীয়ে৷ বঁটা প্রদান কৰি দিয়া ভাষণত উপাচার্য ড০ মালিনী গোস্বামীয়ে কয় যে শিল্পী এজনক স্রষ্টা বুলি স্বীকৃতি দিয়া হৈছে৷ লেখক, উপাচার্য গৰাকীয়ে কয় যে শিল্পীসকলে যেনেকৈ বিচাৰে, তেনেকৈ পৃথিৱীখন সজাই পেলাব পাৰে৷  প্রতিভাৰ সম্পর্কে উল্লেখ কৰি উপাচার্যগৰাকীয়ে কয় যে অতিক্রান্ত দর্শন সকলোৰে নাই৷ সেইদৰে প্রতিভাও নাই৷ প্রতিভা হৈছে এক প্রকাৰৰ

Read More »

একাধিক প্ৰতিভা : টিংখাঙৰ এজন ব্যতিক্ৰমী যুৱকৰ কাহিনীৰে ….

মৰাণৰ পৰা যুগান্ত দিহিঙীয়াৰ সংবাদ : ডিব্ৰুগড় জিলাৰ টিংখাঙৰ এজন ব্যতিক্ৰমী যুৱক। নাম বিচিত্ৰ কোঁৱৰ। যুৱকজনৰ কৰ্ম-কাণ্ডই সম্প্ৰতি সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰিছে। টিংখাঙৰ ফেটিঙ্গীবৰ নিবাসী পোহৰ কোঁৱৰ আৰু মনোমতী কোঁৱৰৰ সন্তান বিচিত্ৰ কোঁৱৰৰ আছে অনন্য প্ৰতিভা। যুৱকজনে ওলোটাকৈ খোজ কাঢ়িব পাৰে, উভতি চাইকেল চলাব পাৰে, সাপৰ দৰে গছত বগাই ফুৰিব পাৰে, হাইলাখ ঘোঁৰাৰ খোজৰ শব্দ উলিয়াই দৌৰিব পাৰে। আনহাতে যুৱকজনে বিভিন্ন জীৱ-জন্তুৰ মাতো অনুৰূপ উলিয়াব পাৰে। যাৰ ফলত সমগ্ৰ জিলাখনতে চৰ্চিত হৈ পৰিছে যুৱকজনৰ নাম। ইফালে যুৱকজনৰ এনেধৰণৰ দু-সাহসীক কলা-কৌশলে বহুতকে আমোদ দিলেও ইয়াৰ অন্তৰালত আছে এক কৰুণ কাহিনী। অতি দৰিদ্ৰ পৰিয়ালৰ যুৱকজনে নিজৰ পঢ়াৰ খা-খৰচ উলিয়াবলৈকে বাছি লৈছিল এই পথ। প্ৰাথমিক বিদ্যালয়ত পঢ়ি থকা অৱস্থাৰ পৰাই যুৱকজনে কিছুমান

Read More »